মিজোৰাম,9জানুৱাৰী:মিজোৰামৰ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰ টি- পি চি আৰ পৰীক্ষাগাৰত সম্পন্ন কৰা 291 টা নমুনা পৰীক্ষাৰ অন্তত 8গৰাকী লোকৰ দেহত Covid-১৯ প'জিটিভ ধৰা পৰিছে ৷ ইয়াৰ ভিতৰত 2গৰাকী চিআৰপিএফ জোৱান,4গৰাকী মহিলা সহ 2টি শিশু আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ আটাইকেইগৰাকীকে বৰ্তমান হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ৷
ইপিনে,ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ TrueNAT পৰীক্ষাগাৰত কৰা 128টা নমুনাৰ ভিতৰত 2জন লোক Covid-১৯ ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ ইয়াৰে এজন লোক বিহাৰৰ পৰা অহাৰ লগতে আনজন বিএফএফ কৰ্মী ৷
ইফালে 518 টা ৰেপিড এন্টিজেনৰ পৰীক্ষাত 6জনৰ Covid-১৯ পজিটিভ ধৰা পৰিছে ৷ আক্ৰান্ত 6গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছিল । ইয়াৰে 3গৰাকী পুৰুষ আৰু আন 3গৰাকী মহিলা ৷
উল্লেখ্য যে, 8 জানুৱাৰীত ৰাজ্যখনত মুঠ 937 টা নমুনা পৰীক্ষণ কৰা হৈছে আৰু ইয়াৰে 1.70 শতাংশ পজিটিভ কেচ পোৱা গৈছে । এতিয়ালৈ ৰাজ্যখনত 1,86,098 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত 2.30শতাংশ পজিটিভ কেচ পোহৰলৈ আহিছে আৰু আৰোগ্য হৈছে 97.89শতাংশ ৷
আনহাতে,9 জানুৱাৰী পুৱা 7 বজাৰ তথ্য অনুসৰি, ৰাজ্যখনত 4275 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 8 গৰাকী লোকৰ মৃত্যু হৈছে ৷ সুস্থ হোৱা লোকৰ সংখ্যা 4185 জনৰ বিপৰীতে ৮২ টা সক্ৰিয় ঘটনা ৷
লগতে পঢ়কঃবাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা কৰ্ণাটকৰ