ETV Bharat / bharat

ক'ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য - ক'ভিডৰ লক্ষণ

মিজোৰামত একেটা দিনতে সৰ্বাধিক 317 গৰাকী ক'ভিডত আক্ৰান্ত ৷ 25 মে'ৰ দিনটোত ৰাজ্যখনত এইসকল লোক ক'ভিডত আক্ৰান্ত হয় ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্ত ৰোগীৰ সংখ্যা 2679 গৰাকী ৷

mizoram covid 19 update
mizoram covid 19 update
author img

By

Published : May 26, 2021, 9:50 PM IST

আইজল. 26 মে': মিজোৰামত এটা দিনতে কভিডত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে সৰ্বাধিক 317 ৰ ঘৰ ৷ 25 মে'ৰ দিনটোত ৰাজ্যখনত 317 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হয় ৷ ৰাজ্যখনত এইপৰ্যন্ত আক্ৰান্তৰ সংখ্যাৰ ভিতৰত এটা দিনতে আক্ৰান্ত হোৱা লোকৰ এই সংখ্যা সৰ্বাধিক ৷

mizoram covid 19 update 26 may
ক'ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ জ'ৰাম চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা সম্পন্ন হোৱা 1419 টা নমুনাৰ ভিতৰত 164 গৰাকীৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷ আক্ৰান্ত সকলৰ ভিতৰত 78 গৰাকী পুৰুষ আৰু 86 গৰাকী মহিলা ৷

ৰাজ্যখনৰ বিভিন্ন জিলাৰ ট্ৰুএনএটি পৰীক্ষাগাৰত সম্পন্ন 178 টা নমুনাৰ ভিতৰত 13 গৰাকীৰ দেহত এই ভাইৰাছৰ অৱস্থিতি পোৱা যায় ৷ ইফালে আৰএজিটি পৰীক্ষাগাৰত পৰীক্ষণ সম্পন্ন হোৱা 2044 টা নমুনাৰ 140 গৰাকী ক'ভিডত আক্ৰান্ত বুলি চিনাক্ত হয় ৷

mizoram covid 19 update 26 may
ক'ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য

উল্লেখ্য যে, 25 মে'ত ৰাজ্যখনত 3641 টা নমুনা পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত 95 গৰাকীৰ শৰীৰত ক'ভিডৰ লক্ষণ থকাৰ পৰিৱৰ্তে আক্ৰান্ত অন্য 222 গৰাকীৰ দেহত ক'ভিডৰ কোনো লক্ষণ নাই ৷ 26 মে'ৰ দিনটোত মুঠ 64 গৰাকী আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পৰিৱৰ্তে 26 মে'ত ৰাজ্যখনত মুঠ আক্ৰন্তৰ সংখ্য হ'ল 2679 গৰাকী ৷

লগতে পঢ়ক: মিজোৰামত এই পৰ্যন্ত কিমান লোকে গ্ৰহণ কৰিছে ক’ভিডৰ প্ৰতিষেধক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.