আইজল, 25 এপ্ৰিল : উত্তৰ-পূৱৰ বাকী ৰাজ্যসমূহৰ তুলনাত ক'ভিডৰ প্ৰথম ঢৌত আক্ৰান্তৰ হাৰ কিছু কম আছিল মিজোৰামত । প্ৰায় তিনিমাহ পূৰ্বলৈ ৰাজ্যখনত দৈনিক হিচাপত ক'ভিডত নগণ্য সংখ্যক লোক আক্ৰান্ত হৈছিল । কিন্তু সমগ্ৰ দেশৰ লগতে কৰ'ণাৰ দ্বিতীয় ঢৌৱে প্ৰভাৱান্বিত কৰিছে মিজোৰামকো ।
মিজোৰামত শেহতীয়াকৈ এগৰাকী প্ৰাক্তন মন্ত্ৰী পি চি জ’ৰামছাংগলিনা কৰ’ণাত আক্ৰান্ত হৈ জ'ৰাম মেডিকেল কলেজত দেওবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰাক্তন মন্ত্ৰীগৰাকী শেহতীয়াকৈ 1 এপ্ৰিলত কলিকতাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰোৱাই আহিছিল ৷ 14 এপ্ৰিলত তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়ত তেখেতৰ কৰ’ণা পৰীক্ষা কৰোৱাত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷
উল্লেখ্য যে, ২4 এপ্ৰিলৰ দিনটোতে ৰাজ্যখনত আক্ৰান্ত হৈছে 105 গৰাকী লোক । জ'ৰাম মেডিকেল কলেজত কৰা আৰটি-পিচিআৰত 1007 গৰাকী লোকৰ ভিতৰত কৰ'ণা আক্ৰান্ত হয় 48 গৰাকী । ইফালে ৰেপিড এণ্টিজেন পৰীক্ষাত 1215 টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু তাৰ ভিতৰত ৫7 গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছ ৷ ৰাজ্যখনত এতিয়ালৈ 5388 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ইয়াৰে 4671 গৰাকী আৰোগ্য হৈছে । এতিয়াও ৰাজ্যখনত 704 টা সক্ৰিয় ঘটনা আছে । আনহাতে এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 13 গৰাকী লোকৰ ৷