ETV Bharat / bharat

ক’ভিড 19: মিজোৰামত মৃত্যুৰ সংখ্যা 29 লৈ বৃদ্ধি - জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতাল

মিজোৰামত এই পৰ্যন্ত 9068 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 29 গৰাকী লোকৰ ৷ 18 মে’ৰ বিয়লি 5 বজালৈকে ৰাজ্যখনত 1981 টা কৰ’ণাৰ সক্ৰিয় ঘটনা থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷

Mizoram Coivd report. Two new deaths
ক’ভিড-19: মিজোৰামত মৃত্যুৰ সংখ্যা 29 লৈ বৃদ্ধি
author img

By

Published : May 18, 2021, 10:18 PM IST

আইজল, 18 মে’: সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 8,829 গৰাকীলৈ । 17 মে'ত অৰ্থাৎ দেওবাৰৰ দিনটোত নতুনকৈ 239 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মঙলবাৰে কৰ’ণাত আক্ৰান্ত দুগৰাকী লোকৰ মৃত্যু হৈছে ৷

Mizoram Coivd report. Two new deaths
ক’ভিড-19: মিজোৰামত মৃত্যুৰ সংখ্যা 29 লৈ বৃদ্ধি

জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰটিপিচিআৰ গৱেষণাগাৰত কৰা 1077 গৰাকী লোকৰ কৰ’ণা পৰীক্ষাত 35 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ৰাজ্যখনৰ বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত 216 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 5 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত 2373 টা নমুনাৰ ভিতৰত 199 টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷

উল্লেখ্য যে, মিজোৰামত এই পৰ্যন্ত 9068 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 29 গৰাকী লোকৰ ৷ 18 মে’ বিয়লি 5 বজালৈকে ৰাজ্যখনত 1981 টা কৰ’ণাৰ সক্ৰিয় ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক: ইজৰাইলক ৭৩৫ মিলিয়ন ডলাৰৰ অস্ত্ৰ বিক্ৰীৰ অনুমোদন বাইডেন প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.