স্পৰ্টচ ডেস্ক,০৬ মাৰ্চ: ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয় ক্ৰিকেটাৰৰ ৰেকৰ্ড ভাৰতীয মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ (Mithali Raj at ODI World Cup ) । শচীন তেণ্ডুলকাৰ আৰু জাভেদ মিয়াঁদাদৰ পিছত ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয়গৰাকী ক্ৰিকেটাৰৰ কৃতিত্ব অৰ্জন কৰে ।
মাউন্ট মাউনগানুইত চলি থকা মহিলা বিশ্বকাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ সময়তে তেওঁ এই কৃতিত্ব অৰ্জন কৰে (Mithali Raj record ) । ২০০০ চনত বিশ্বকাপত আত্মপ্ৰকাশ কৰা মিতালী ছয়খন এদিনীয়া বিশ্বকাপত খেলা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ।
মেছখনত ভাৰত আৰু পাকিস্তানৰ মাজত টছত জয়ী হৈ ভাৰতে প্ৰথম বেটিঙৰ সিদ্ধান্ত লয় । বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুয়োখন ৱাৰ্ম-আপ খএলত জয়লাভ কৰে ।
লগতে পঢ়ক: ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান