ETV Bharat / bharat

মিছন পশ্চিমবংগঃ চলিত সপ্তাহতে পশ্চিমবংগলৈ অমিত শ্বাহসহ কেইগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী - তেওঁক এই

২০২১ত পশ্চিমবংগত গেৰুৱা দলৰ বিজয় ধ্বজা উৰুওৱাৰ লক্ষ্য । চলিত সপ্তাহৰ শেষৰ ফালে পশ্চিমবংগলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ কেইবাগৰাকীও মন্ত্ৰী । ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ৫ খন পৃথক স্থানৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ দায়িত্ব দিয়া হৈছিল বিজেপিৰ ৰাজ্যিক নেতৃত্বক ।

মিছন পশ্চিমবংগঃ চলিত সপ্তাহতে পশ্চিমবংগলৈ অমিত শ্বাহসহ বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী

author img

By

Published : Dec 17, 2020, 6:28 PM IST

নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ: চলিত সপ্তাহতে পশ্চিমবংগলৈ ৰাওনা হ'ব বিজেপিৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী । ৰাজ্যখনৰ ৬-৭টাকৈ লোক সভা সমষ্টিত প্ৰচাৰ চলোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰতিগৰাকী মন্ত্ৰী তথা জ্যেষ্ঠ দলীয় নেতাক । এই প্ৰচাৰ অভিযানত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, দলৰ কেন্দ্ৰীয় নেতা । চলিত সপ্তাহৰ শেষৰ ফালে পশ্চিমবংগলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

তেওঁক এই অভিযানত গজেন্দ্ৰ শ্বেখাৱট, সঞ্জীৱ বাল্যন, প্ৰহ্লাদ পেটেল, অৰ্জুন মুণ্ডা আৰু মুকেশ মান্দভিয়াই সহযোগ কৰিব বুলি এক সূত্ৰই বৃহস্পতিবাৰে প্ৰকাশ কৰে । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু মধ্য প্ৰদেশৰ কেবিনেট মন্ত্ৰী নৰোত্তম মিশ্ৰকো পশ্চিমবংগত নিৰ্বাচনী অভিযান চলোৱাৰ দায়িত্ব দিয়া হৈছে । কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলক উত্তৰ বংগৰ দায়িত্ব দিয়া হৈছে ।

বুধবাৰে তৃণমূল কংগ্ৰেছ ত্যাগ কৰা বিধায়ক সুভেন্দু অধিকাৰীয়ে অমিক শ্বাহৰ উপস্থিতিতে গেৰুৱা দলটোৰ সদস্যতা গ্ৰহণৰ সম্ভাৱনা আছে । এক সুত্ৰৰ তথ্য অনুসৰি অমিত শ্বাহৰ সৈতে অহা ১৯ ডিচেম্বৰ সকলো নেতাই এখন বৈঠকত মিলিত হ'ব । দুদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । তেওঁ দলৰ এটা সমদলত অংশ লোৱাৰ লগতে মিডনাপুৰত এগৰাকী কৃষকৰ ঘৰত বুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ।

লগতে পঢ়ক:পঞ্জাৱৰ ভাৰত-পাক সীমান্তত সীমা সুৰক্ষা বলৰ গুলীত ২ সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.