নিউজ ডেস্ক,৭ মাৰ্চ: দেওবাৰে জন্মু-কাশ্মীৰত অতি কম প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনূভূত হয় । ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য ২.৯ আছিল বুলি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জানিবলৈ দিয়ে । দেওবাৰে পুৱা ৪.৪০ বজাত ভূমিকম্পৰ জোকাৰণি অনূভূত হয় । ৩৩.০ উত্তৰ অক্ষাংশ আৰু ৭৫.৮৬ পূৱ দ্ৰাঘিমাংশত ভূমিকম্পই জোকাৰি যায় । ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল জন্মু-কাশ্মীৰৰ ডডা জিলাৰ ভালেচা ।
ভূমিকম্পটোৰ ফলত হোৱা একো ক্ষয়-ক্ষতিৰ বিষয়ে পোহৰলৈ অহা নাই । উল্লেখ্য যে, ২০০৫ চনৰ ৮ অক্টোবৰত ৰিখটাৰ স্কেলত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্যখনক । ভূমিকম্পটোৰ ফলত নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) দুয়োফালে বাস কৰা জন্মু-কাশ্মীৰত ৮০,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱায় ।
লগতে পঢ়ক: চাইবেৰাবাদ আৰক্ষীৰ জালত ইণ্ডাছ ভিভা