ETV Bharat / bharat

Minor killed four people: মাতৃ-ভগ্নীসহ পৰিয়ালৰ চাৰিজনক নৃশংসভাৱে হত্যা কিশোৰৰ

নিজ মাতৃ, ভগ্নীসহ পৰিয়ালৰ চাৰিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰি গাঁতত পুতি থৈছিল এজন কিশোৰে (Minor killed four people in Tripura)৷ শনিবাৰে নিশা আগৰতলাৰ ধলাই অঞ্চলৰ কমলপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷

author img

By

Published : Nov 6, 2022, 3:54 PM IST

Minor held for killing four including mother, sister in Tripura
Minor killing four people: মাতৃ, ভগ্নীসহ পৰিয়ালৰ চাৰিজনক নৃশংসভাৱে হত্যা কিশোৰৰ

আগৰতলা, 6 নৱেম্বৰ: ত্ৰিপুৰাৰ আগৰতলাত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ নিজ মাতৃ, ভগ্নীসহ পৰিয়ালৰ চাৰিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰি গাঁতত পুতি থৈছিল এজন কিশোৰে (Minor killed four people in Tripura)৷

মাতৃ, ভগ্নীসহ পৰিয়ালৰ চাৰিজনক নৃশংসভাৱে হত্যা কিশোৰৰ

শনিবাৰে নিশা আগৰতলাৰ ধলাই অঞ্চলৰ কমলপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা (Murder case at Dhalai)৷ জানিব পৰা মতে কমলপুৰত বাস কৰা পৰিয়ালটোত ঘটনাটো সংঘটিত হোৱাৰ দিনা হত্যাকাৰী কিশোৰজনৰ মাতৃ, ভগ্নী, ককাকসহ এগৰাকী সম্বন্ধীয় লোক আছিল ৷ নিশাই 13 বছৰীয়া কিশোৰটোৱে ঘৰখনত থকা চাৰিওগৰাকী লোকক এজন এজনকৈ হত্যা কৰে ৷ তাৰ পিছতে লোককেইজনৰ মৃতদেহকেইটা লুকুৱাবলৈ ঘৰৰ পিছফালে পিতনিত এটা গাঁত খান্দি চাৰিওজন লোকৰে মৃতদেহকেইটা গাঁতটোত পুতি থয় (Minor boy killed four people of his family)৷

ঘটনা সংঘটিত কৰিয়েই কিশোৰটোৱে ঘৰৰ মুখ্য দুৱাৰত বাহিৰৰ পৰা তলা মাৰি ঘৰৰ পৰা পলায়ন কৰে ৷ দেওবাৰে ওচৰৰ লোকে তেওঁলোকৰ ঘৰলৈ অহাত প্ৰথমে ঘৰত তলা ওলমি থকা প্ৰত্যক্ষ কৰে ৷ তাৰ পিছতেই ঘৰৰ পিছৰফালে যাওঁতেই অস্বাভাৱিক গাঁত এটা পৰিলক্ষিত কৰে ৷ লগে লগে ওচৰৰ লোকসকলে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত ধলাই জিলাৰ আৰক্ষী অধীক্ষক ৰমেশ যাদৱসহ (Dhalai district police ) এটা দল উপস্থিত হৈ গাঁতটো খান্দোতে চাৰিওজন লোকৰে মৃতদেহ ওলাই পৰে ৷ মৃত লোককেইগৰাকী হত্যাকাৰী কিশোৰজনৰ ককাক বাদল দেৱনাথ (৭০), মাতৃ সমীতা দেৱনাথ (32), ভগ্নী সুপৰ্ণা দেৱনাথ (10) আৰু সম্বন্ধীয় ৰেখা দেৱ (82) বুলি চিনাক্ত কৰিছে ৷

আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এই ঘটনাৰ কিছু ঘণ্টাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই কিশোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Police detained accused)৷ আৰক্ষীয়ে কমলপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 302 নং ধাৰাৰ অধীনত 63/2022 ইউ/এছ গোচৰ ৰুজু কৰিছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰটোৱে তেওঁলোকক হত্যা কৰিছে ৷ কিশোৰটো এতিয়া আৰক্ষীৰ জিম্মাত আছে ৷ আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Theft at Bashistha: পুনৰ মহানগৰীৰ বশিষ্ঠত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.