ETV Bharat / bharat

বাংলাদেশৰ স্বাধীনতাৰ যুঁজৰ বিষয়ে নৱ প্ৰজন্মই অধিক জনা উচিত : মন্ত্ৰী সুশান্ত চৌধুৰী - ত্ৰিপুৰাৰ তথ্য আৰু সংস্কৃতি মন্ত্ৰী সুশান্ত চৌধুৰীৰ অংশগ্ৰহণ

বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতৰ সীমা সুৰক্ষা বাহিনীৰ অৱদানৰ বিষয়ে স্মৰণ কৰি ত্ৰিপুৰাত অনুষ্ঠিত কৰা হ'ল ভাৰত-বাংলাদেশৰ যুটীয়া সাংস্কৃতিক অনুষ্ঠান । সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত দেওবাৰে আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ তথ্য আৰু সংস্কৃতি মন্ত্ৰী সুশান্ত চৌধুৰীয়ে(Sushanta Chowdhury in India-Bangladesh cultural program) ।

Sushanta Chowdhury participated in India Bangladesh joint cultural program
ত্ৰিপুৰাত সীমা সুৰক্ষা বাহিনীৰ অনুষ্ঠানত মন্ত্ৰী সুশান্ত চৌধুৰী
author img

By

Published : Dec 13, 2021, 11:45 AM IST

নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ : ভাৰত-বাংলাদেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তমান সুদৃঢ় হৈছে । দুয়োখন দেশৰ মাজত সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত সম্পৰ্ক অধিক উন্নত কৰাৰ প্ৰয়োজন আছে । দেওবাৰে সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত আয়োজিত ভাৰত-বাংলাদেশ যুটীয়া সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ত্ৰিপুৰাৰ তথ্য আৰু সংস্কৃতি মন্ত্ৰী সুশান্ত চৌধুৰীয়ে(Sushanta Chowdhury participated in BSF's program) । বাংলাদেশৰ স্বাধীনতাৰ যুঁজত ভাৰতৰ সীমা সুৰক্ষা বাহিনীয়ে অগবঢ়োৱা অৱদানৰ বিষয়ে সুঁৱৰি ভাৰতৰ সীমা সুৰক্ষা বাহিনীয়ে এই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে(India-Bangladesh cultural program in Tripura) ।

বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতে আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বিষয়ে নতুন প্ৰজন্মই অধিক জনা উচিত । বাংলাদেশৰ মুক্তি যুদ্ধত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে তেওঁ সীমা সুৰক্ষা বাহিনীৰ সকলো শ্ৰেণীৰ জোৱান আৰু বিষয়াসকলক অভিনন্দন জনায়(BSF's contribution to Bangladesh's liberation war) । অনুষ্ঠানটোত উপস্থিত থাকে বিজেপিৰ বিধায়িকা মিমি মজুমদাৰ, আগৰতলাত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত মহম্মদ জোবেইদ হুছেইনৰ আৰু সীমা সুৰক্ষা বাহিনীৰ মহাপৰিদৰ্শক কে এছ বানিয়াল ।

সকলোৱে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত বিএছএফৰ ভূমিকাৰ কথা স্মৰণ কৰে । কে এছ বানিয়ালে ভাষণ প্ৰসংগত কয় যে, বাংলাদেশৰ স্বাধীনতাৰ যুঁজত ভাৰতৰ সীমা সুৰক্ষা বাহিনীৰ ত্যাগৰ কথা সকলোৱে মনত ৰখা উচিত ।

তেওঁ লগতে কয় যে, "আমি বাংলাদেশক পৃথক দেশ হিচাপে গণ্য কৰা নাই । বাংলাদেশক নিজৰ তথা ভাতৃ সদৃশ হিচাপে গণ্য কৰি আহিছো । ভৱিষ্যতে এই বন্ধুত্ব আৰু ভাতৃত্ববোধৰ সম্পৰ্কক আগুৱাই নিব লাগিব বুলি তেওঁ মন্তব্য কৰে । বাংলাদেশৰ মুক্তি যুদ্ধত অৱদান আগবঢ়োৱা নিখিল চন্দ্ৰ ঘোষ, দুলাল চৌধুৰীকে ধৰি ত্ৰিপুৰাৰ কেইবাজনো লোকক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় ।

ইয়াৰ উপৰিও, ১৯৯৯ চনত জম্মু-কাশ্মীৰত শ্বহীদ হোৱা আৰক্ষী বিষয়া এছ কে চক্ৰৱৰ্তীৰ পত্নীকো সম্বৰ্ধনা জনোৱা হয় । তথ্য আৰু সংস্কৃতি মন্ত্ৰী সুশান্ত চৌধুৰীয়ে বাংলাদেশৰ মুক্তি যুদ্ধ বিষয়ক এখন কফি টেবুল কিতাপৰ বেটুপাত উন্মোচন কৰে । এই অনুষ্ঠানত ভাৰত আৰু বাংলাদেশৰ সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰে । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মুক্তি যুদ্ধ বিষয়ক এখন আলোকচিত্ৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: Destination Tripura Investment Summit 2021: প্ৰায় ২৫০০ কোটিৰ ৫০ খন বুজাবুজি চুক্তি স্বাক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.