ETV Bharat / bharat

Minister Senthil Balaji news : কাৰাগাৰৰ ভিতৰতে অসুস্থ মন্ত্ৰী ছেন্থিল বালাজী, হাস্পতালত ভৰ্তি

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:52 PM IST

কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰা তামিলনাডুৰ মন্ত্ৰী ছেন্থিল বালাজীক চেন্নাইৰ ষ্টেনলি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ 14 জুনত পূজাল কাৰাগাৰত প্ৰৱৰ্তনকাৰী বিভাগে ধন সৰবৰাহ আৰু অবৈধভাৱে ধন লোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মন্ত্ৰী ছেন্থিল বালাজীক ।

Minister Senthil Balaji news
কাৰাগাৰৰ ভিতৰতে অসুস্থ মন্ত্ৰী ছেন্থিল বালাজী

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ: হঠাতে দেখা দিয়া শাৰিৰীক অসুস্থতাৰ বাবে চেন্নাইত অৱস্থিত ষ্টেনলি হাস্পতালত ভৰ্তি কৰোৱা হৈছে তামিলনাডুৰ মন্ত্ৰী ছেন্থিল বালাজীক ৷ বুকুৰ বিষৰ বাবে চেন্নাইৰ ষ্টেনলি হাস্পতালত মন্ত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী বিভাগে গ্ৰেপ্তাৰ কৰিছিল মন্ত্ৰী ছেন্থিল বালাজীক । পূজাল কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে মন্ত্ৰী ছেন্থিল বালাজীৰ হঠাৎ বুকুৰ বিষ উঠে আৰু তেওঁক চেন্নাইৰ ষ্টেনলি হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

14 জুনত পূজাল কাৰাগাৰত প্ৰৱৰ্তনকাৰী বিভাগে ধন সৰবৰাহ আৰু অবৈধভাৱে ধন লোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মন্ত্ৰী ছেন্থিল বালাজীক । এনে পৰিস্থিতিত মন্ত্ৰী ছেন্থিল বালাজীৰ জামিন আবেদন নাকচ কৰা হয় ।

যোৱা 30 ছেপ্টেম্বৰত সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে ন্যায়াধীশ শিৱকুমাৰৰ বিশেষ আদালতত মন্ত্ৰী ছেন্থিল বালাজীৰ বিৰুদ্ধে কেন্দ্ৰীয় অপৰাধ শাখাৰ আৰক্ষীয়ে তিনিটা গোচৰত অভিযোগনামা দাখিল কৰে । 29 ছেপ্টেম্বৰত মন্ত্ৰী ছেন্থিল বালাজীৰ আদালতৰ জিম্মাৰ দিন শেষ হৈছিল ৷ চেন্নাই জিলা অধিৱেশন আদালতত ন্যায়াধীশ আল্লীৰ সন্মুখত পুঝাল কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে মন্ত্ৰী ছেন্থিল বালাজীক উপস্থিত কৰোৱা হৈছিল । তাৰ পিছত তেওঁৰ আদালতৰ জিম্মা 13 অক্টোবৰলৈকে বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়া হয় ।

এতিয়া পুজাল কাৰাগাৰত বন্দী হৈ থকা মন্ত্ৰী ছেন্থিল বালাজীক সোমবাৰ 9 অক্টোবৰৰ দিনা হঠাতে বুকুৰ বিষ অনুভৱ হোৱা বুলি জানিব পৰাৰ পিচতে কাৰাগাৰ কৰ্তৃপক্ষই মন্ত্ৰীগৰাকীক চেন্নাইৰ ষ্টেনলি চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় । মন্ত্ৰীগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পিচতে তেওঁৰ শুভাকাংখীসকলৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: CWC meet 2023 : আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.