ETV Bharat / bharat

Bihar violence : বিহাৰত হিন্দুলোক সুৰক্ষিত নহয় বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ - Giriraj Singh slams Bihar CM

বিহাৰৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ (Giriraj Singh reacts over Bihar violence)। বিহাৰত হিন্দুলোক সুৰক্ষিত নহয় বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । ঘটনা সম্পৰ্কে একো নজনা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পদত্যাগৰ দাবী কেন্দ্ৰীয়মন্ত্ৰীগৰাকীৰ ।

Bihar violence
মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ
author img

By

Published : Apr 2, 2023, 8:32 PM IST

নেশ্যনেল ডেস্ক,২ এপ্ৰিল : ৰাম নৱমী উপলক্ষে বিহাৰৰ একাধিক স্থানত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰো চেষ্টা চলাইছে একাংশ ৰাজনৈতিক নেতাই (Bihar violence)। ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ দাবী,"বিহাৰত এতিয়া হিন্দুসকল সুৰক্ষিত নহয় ।"

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে, বিহাৰত হিন্দুসকল এতিয়া সুৰক্ষিত নহয় আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক মুছলমানৰ মুখ্যমন্ত্ৰী বুলি কোৱাৰ পূৰ্বে তেওঁ পদত্যাগ কৰা উচিত (Giriraj Singh demands Bihar CMs resignation)।

মন্ত্ৰীগৰাকীৰ মতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাৰ লগতে চাচাৰামতো ইমান ডাঙৰ ঘটনা সংঘটিত হৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে এই বিষয়ে নাজানে । যদি এনে এক গুৰুতৰ বিষয় সম্পৰ্কে মুখ্যমন্ত্ৰী অৱগত নহয় তেনেহ'লে তেওঁ স্বেচ্ছাই পদত্যাগ কৰা উচিত বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে । মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে হিন্দুসকলক তেওঁলোকৰ নিজৰ ৰাজ্যতে অত্যাচাৰ কৰা হৈছে । তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে ।

সিঙে বিহাৰৰ বিৰোধী নেতাসকলকো সমালোচনা কৰে যিয়ে এই আক্ৰমণক বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে । মন্ত্ৰীগৰাকীয়ে বিহাৰৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে, নীতিশ কুমাৰ এবাৰ 'পল্টুৰাম' হিচাপে জনপ্ৰিয় আছিল । কিন্তু এতিয়া তেওঁৰ দলৰ আন সদস্যসকলো পল্টুৰাম হৈ পৰিছে । আনকি তেওঁৰ চৰকাৰৰ বাবে কাম কৰা চৰকাৰী বিষয়াসকলেও এতিয়া মিছা কৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে (Giriraj Singh slams Bihar CM)।

কিন্তু সংবাদ মাধ্যমসমূহে সকলো তথ্য উন্মোচিত কৰিছে । নীতিশ কুমাৰে ৰাইজক নিৰাপত্তা প্ৰদান কৰাত অক্ষম বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে এতিয়ালৈকে অপৰাধীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই । হিন্দু উৎসৱত এনে ধৰণৰ হিংসাৰ কাৰণ কি বুলি প্ৰশ্ন কৰি তেওঁ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে (Giriraj Singh reacts over Bihar violence)।

বিহাৰৰ ঘটনাক লৈ আন আন বিজেপি নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিজেপি নেতা কপিল মিশ্ৰাই কয় যে, অনাগত সময়ত ৰাম নৱমীত তিনিদিনীয়া বন্ধ থাকিব । উৎসৱটো উদযাপন কৰাৰ বাবে আমাক এদিন আৰু মলম আৰু চিকিৎসাৰ বাবে দুদিনৰ প্ৰয়োজন হ'ব বুলি তেওঁ দাবী কৰে ।

উল্লেখ্য যে, শনিবাৰে নিশা বিহাৰৰ কেইবা ঠাইতো হিংসাত্মক ঘটনা সংঘটিত হৈছিল য'ত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হয় । উক্ত অঞ্চলবোৰত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে আৰক্ষীয়ে এতিয়ালৈ ৪৫ গৰাকীৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :Violence in Bihar: বিহাৰত ভয়ংকৰ সংঘাত; নালন্দাত আহত তিনিজন; চাচাৰামতো এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.