ETV Bharat / bharat

Truck Overturned in buhara river : পথৰ পৰা নদীত বাগৰিল মিনি ট্ৰাক, শিশুসহ মৃত্যু 12 জনৰ - পথৰ পৰা নদীত বাগৰিল মিনি ট্ৰাক

তীব্ৰবেগী ট্ৰাক বাগৰি মধ্যপ্ৰদেশৰ দতিয়াত মৃত্যু 12 জনৰো অধিক লোকৰ ৷ প্ৰায় 36 গৰাকীৰো অধিক আহত ৷ ঘটনাস্থলীত উপস্থিত গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰ ।

Mini Truck Overturned in buhara river in MP
মধ্যপ্ৰদেশৰ দতিয়াত শোকাৱহ দুৰ্ঘটনা
author img

By

Published : Jun 28, 2023, 12:36 PM IST

নেশ্যনেল ডেস্ক, 28 জুন : মধ্যপ্ৰদেশৰ দতিয়াত শোকাৱহ দুৰ্ঘটনা । জিলাখনৰ দুৰ্ছাদা থানা এলেকাৰ বুহাৰা নদীত বাগৰি পৰে এখন তীব্ৰবেগী ট্ৰাক । দুৰ্ঘটনাটোৰ ফলত বৰ্তমানলৈ 12 জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । অৱশ্যে মৃতকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, দুৰ্ঘটনাটোৰ ফলত 3 ডজনৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত উপস্থিত হৈছে দাতিয়াৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মা ।

তথ্য অনুসৰি গোৱালিয়ৰৰ বিলহেটি গাঁৱৰ পৰা টিকামগড়ৰ মাজেৰে জাতৰালৈ গৈ আছিল মিনি ট্ৰাকখন ৷ মিনি ট্ৰাকখনত থকা লোকসকলে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে গৈ আছিল বুলি জানিব পৰা গৈছে । চলন্ত অৱস্থাতে বুহাৰা গাঁৱৰ সমীপৰ এখন নিৰ্মীয়মান দলঙৰপৰা অনিয়ন্ত্ৰিত হৈ বাগৰি পৰে ট্ৰাকখন । ভয়াৱহ দুৰ্ঘটনাটোৰ ফলত 12 জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ।

Mini Truck Overturned in buhara river in MP
আত্মীয়ক হেৰুৱায় কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক

দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী-প্ৰশাসন উক্ত স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । আনহাতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ পৰা গৈছে । দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে । দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁ বিষয়াসকলৰ সৈতে আলোচনা কৰি উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চলাই যাবলৈ নিৰ্দেশ দিয়ে । গৃহমন্ত্ৰীগৰাকীয়ে নিহতৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে । দুখজনক বিষয় যে, মৃত লোকসকলৰ ভিতৰত আছিল 3 টাকৈ শিশু ৷

লগতে পঢ়ক : Road accident : তীব্ৰবেগী মাৰুতি বাহনৰ খুন্দাত নিহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.