ETV Bharat / bharat

Militant killed: কুপৱাড়াত অনুপ্ৰৱেশৰ চেষ্টা বিফল; নিহত সন্ত্ৰাসবাদী - Militant killed

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ অভিযানত নিহত সন্ত্ৰাসবাদী । কেৰণ ছেক্টৰৰ জুমাগুণ্ড অঞ্চলত সেনা আৰু কুপৱাড়া আৰক্ষীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰা সময়ত নিহত হয় সন্ত্ৰাসবাদীটো ৷ কেৱল কুপৱাড়া জিলাতে মাত্ৰ আঠ মাহত মুঠ ২৭ টা সন্ত্ৰাসবাদী নিহত হৈছে ।

Militant killed
কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা বিফল
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 12:19 PM IST

নিউজ ডেস্ক, ৩০ অক্টোবৰ: উত্তৰ কাশ্মীৰৰ কুপৱাড়া জিলাৰ মাচিল খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা বিফল হোৱাৰ দুদিন পিচত দেওবাৰে সেনা-আৰক্ষীৰ অভিযানত এটা সন্ত্ৰাসবাদী নিহত হয় । জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই সোমবাৰে প্ৰকাশ কৰে এই তথ্য । আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, দেওবাৰে সেনা আৰু কুপৱাৰা আৰক্ষীয়ে কেৰণ ছেক্টৰৰ জুমাগুণ্ড অঞ্চলত চলোৱা এক যৌথ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰা হয় ৷ এই অভিযানৰ সময়ত সেনা-আৰক্ষীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হয় ।

শীৰ্ষ আৰক্ষী বিষয়াজনে জনোৱা মতে, অঞ্চলটোত সম্প্ৰতি তালাচী অভিযান অব্যাহত ৰখা হৈছে ৷ তেওঁ লগতে কয়, "মাত্ৰ দুদিন পূৰ্বে এল অ’ চিৰ কাষৰ মাচিল খণ্ডত পাঁচটা সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছিল । আমাৰ সেনা জোৱানৰ নিৰন্তৰ দায়বদ্ধতা আৰু দৃঢ়তাৰ ফলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত যথেষ্ট লাভাম্বিত হৈছে । ইফালে জিঅ’চি ২৮ ইনফেণ্ট্ৰি ডিভিজন মেজৰ জেনেৰেল ৰাজেশ কলিয়াই সেনাৰ এই সফলতাত সন্তুষ্টি প্ৰকাশ কৰে ।

উল্লেখ্য যে, মাত্ৰ আঠ মাহত কেৱল কুপৱাড়া জিলাতেই মুঠ ২৭ টা সন্ত্ৰাসবাদী নিহত হৈছে । মেজৰ জেনেৰেল কালিয়াই লগতে কয় যে নিৰাপত্তা বাহিনীসমূহে নিজৰ অভিযানৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হৈ আছে আৰু অঞ্চলটোৰ সুৰক্ষা আৰু তেওঁলোকে অঞ্চলটোৰ নিৰাপত্তা নিশ্চিত কৰিছে । কুপৱাৰা জিলাৰ এল অ’ চিৰ কাষৰীয়া কৌশলগত স্থানত সক্ৰিয় ৰূপত সেনা নিয়োজিত হোৱাৰ লগে লগে শত্ৰুৰ প্ৰতিটো প্ৰচেষ্টাক সতৰ্কতাৰে প্ৰতিহত কৰা হৈছে ।

লগতে পঢ়ক: Kupwara encounter: উত্তৰ কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত পাঁচ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.