ETV Bharat / bharat

দাক্ষিণাত্যৰ উপকূলত মিচাউঙৰ ভয়ংকৰ প্ৰভাৱ, ২৯৭ মিমি পৰ্যন্ত বৃষ্টিপাত - Floods in Andhra Pradesh

অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ছত্তীশগড় আৰু দক্ষিণ ওড়িশাত ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ অব্যাহত আছে । অন্ধ্ৰপ্ৰদেশৰ বহু অঞ্চল ধাৰাসাৰ বৰষুণৰ কৱলত পৰিছে । এতিয়ালৈ ৩ গৰাকী লোকৰ মৃত্যু হৈছে ।

Migjam Continuing as low pressure
দাক্ষিণাত্যৰ উপকূলত মিচাউঙৰ ভয়ংকৰ প্ৰভাৱ
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 10:58 AM IST

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ : ঘূৰ্ণীবতাহ মিচাউঙে দাক্ষিণাত্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ঘূৰ্ণীবতাহ দক্ষিণ উপকূল অতিক্ৰম কৰাৰ লগে লগে অন্ধ্ৰপ্ৰদেশৰ প্ৰাকচম জিলাৰ পৰা আল্লুৰী সীথাৰামৰাজু জিলালৈকে ধাৰাসাৰ বৰষুণত প্লাবিত হৈছিল । অৱশ্যে লাহে লাহে এই ঘূৰ্ণীবতাহৰ তীব্ৰতা কিছু দুৰ্বল হৈ পৰিছে আৰু নিম্ন চাপত পৰিণত হৈছে । এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ উত্তৰ-পূব তেলেংগানা, ছত্তীশগড় আৰু দক্ষিণ ওড়িশাত অব্যাহত আছে ।

এই ঘূৰ্ণীবতাহৰ ফলত মঙলবাৰে পুৱা ৮.৩০ বজাৰ পৰা বুধবাৰে পুৱা ৮.৩০ বজাৰ ভিতৰত এলুৰু জিলাৰ টাডৱাইত ২৯৭ মিমি, আনাকাপল্লী জিলাৰ দৰলাপুড়িত ২৯৫.৫ মিমি, পূব গোদাৱৰী জিলাৰ ধাভালেশ্বৰমত ২৫৪.৫ মিমি, কাকিনা জিলাৰ পিঠাপুৰমত ২৫৩.৫ মিমি, আল্লুৰি জিলাৰ অনন্তগিৰিত ২৩১.৫ মিমি পৰ্যন্ত বৃষ্টিপাত হোৱা দেখা গৈছে ।

বুধবাৰে পুৱাৰ পৰা আনাকাপল্লী, আল্লুৰি চিতামাৰাজু, বিজয়নগৰম, চিত্তুৰ, শ্ৰীকাকুলম আৰু বিশাখাপট্টনম জিলাত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হৈছে । ইফালে বতৰ বিজ্ঞান বিভাগে জনোৱা মতে নিম্ন চাপৰ ফলত বৃহস্পতিবাৰে আৰু শুকুবাৰে দক্ষিণ উপকূলত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে ঘূৰ্ণীবতাহৰ ফলত বিভিন্ন স্থানত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত বাপটলা জিলাৰ পাৰ্চুৰ আৰু কৰমচেডু অঞ্চলত বানৰ সৃষ্টি হৈছে । পালনাডু জিলাত বানৰ ফলত বহু স্থানত যান-বাহন চলাচল বন্ধ হৈ পৰিছে । উত্তৰ অন্ধ্ৰত বানৰ ফলত বহু লোক গৃহহীন হৈ পৰিছে ।

তেলেংগানাৰ বানৰ ফলত এনটিআৰ জিলাৰ তিৰুভুৰু সমষ্টিত নৈবোৰ ওফন্দি উঠিছে । গাম্পালাগুডেম-বিজয়ৱাড়া পথত যান-বাহনৰ চলাচল বন্ধ হৈ গৈছিল । নেৰানেপেৰা বৰষুণৰ ফলত ৰাজমহেন্দ্ৰভাৰামৰ নামনি অঞ্চলসমূহ প্লাবিত হৈ পৰিছে । আনাকাপল্লী জিলাৰো বহু ঠাইত বাঢ়নি পানী প্ৰৱেশ কৰিছে । আল্লুৰি জিলাৰ অনন্তগিৰি মণ্ডলত গোস্তানি নৈৰ বাঢ়নি পানীয়ে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে । নাবালক শাৰদা নৈও বিপদসীমাৰ ওপৰেৰে বৈছে । অনন্তগিৰি মণ্ডলৰ বহু স্থানত ধুমুহাৰ ফলত গছ-গছনি ভাঙিছে ।

নৈৰ বাঢ়নি পানীয়ে পথ-উপপথবোৰ প্লাৱিত কৰিছে । ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে । পালাকোল্লু, ভীমাভাৰাম, এলুৰু, নুজিভিডু আৰু অন্যান্য চহৰৰ বাসগৃহতো পানী প্ৰৱেশ কৰিছে । ইয়াৰ মাজতে জাংগাৰেড্ডিগুডেম আৰটিচি বাছ আস্থানৰ দেৱালো খহি পৰিছে । ৰাজ্যখনত প্ৰায় ৩ গৰাকী লোক নিহত হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে । আনহাতে বহু কৃষি ভূমিও ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহ মিচাউঙত বিধ্বস্ত তামিলনাডু; ৫ হাজাৰ কোটিৰ সাহায্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ ষ্টেলিনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.