ETV Bharat / bharat

Nizam Hyderabad property sealed : হায়দৰাবাদৰ নিজামৰ ২৫০ কোটি টকীয়া সম্পত্তি ছীল - হায়দৰাবাদৰ নিজামৰ ২৫০ কোটি টকীয়া সম্পত্তি ছীল

জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হায়দৰাবাদৰ মহাবালেশ্বৰৰ নিজামৰ ২৫০ কোটি টকাৰ বিতৰ্কিত সম্পত্তি দেওবাৰে চৰকাৰে ছীল কৰিলে (Maharashtra government sealed Nizam property) । দেওবাৰে এক অভিযান চলায় মূল বাংলো আৰু চাৰিওফালৰ কৰ্মচাৰী কোৱাৰ্টাৰবোৰ প্ৰশাসনে ছীল কৰে । মহাবালেশ্বৰৰ তহচিলদাৰ সুষমা চৌধুৰী পাটিলৰ নেতৃত্বত এই অভিযানটো চলোৱা হৈছিল ।

Nizam Hyderabad property sealed
হায়দৰাবাদৰ নিজামৰ ২৫০ কোটি টকীয়া সম্পত্তি ছীল
author img

By

Published : Dec 5, 2022, 1:13 PM IST

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ : হায়দৰাবাদস্থিত নিজামৰ ২৫০ কোটি টকাৰ বিতৰ্কিত সম্পত্তি দেওবাৰে চৰকাৰে ছীল কৰিলে । জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হায়দৰাবাদৰ মহাবালেশ্বৰৰ সম্পত্তিখিনি ছীল কৰা হয় । উক্ত প্ৰায় ১৫ একৰ ভূমি আৰু এটা বিলাসী উডলেণ্ড বাংলোৰ মালিকীস্বত্বক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আছিল । এই বিতৰ্ক বন্ধ কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে সম্পত্তিখিনি খালী কৰে আৰু পৰৱৰ্তী নিৰ্দেশ লৈকে ইয়াক ছীল কৰে (Maharashtra government sealed Nizam property)।

দেওবাৰে এক অভিযান চলায় মূল বাংলো আৰু চাৰিওফালৰ কৰ্মচাৰী কোৱাৰ্টাৰবোৰ প্ৰশাসনে ছীল কৰে । মহাবালেশ্বৰৰ তহচিলদাৰ সুষমা চৌধুৰী পাটিলৰ নেতৃত্বত এই অভিযানটো চলোৱা হৈছিল । প্ৰাক্তন মেয়ৰ স্বপ্নালী চিন্দে আৰু তেওঁৰ স্বামী কুমাৰ চিন্দে মেনিও দীৰ্ঘদিন ধৰি মুখ্য বাংলোৰ ষ্টাফ কোৱাৰ্টাৰ এডজাষ্টমেণ্টত বাস কৰি আছে । শনিবাৰে এক নিৰ্দেশযোগে তেওঁলোককো ঘৰ খালী কৰিবলৈ কোৱা হৈছিল (Nizam disputed property sealed)।

উল্লেখ্য যে এই বিতৰ্কিত সম্পত্তিটো ব্ৰিটিছ যুগৰ । যিটো পাৰ্চী উকীলসকলক লীজত দিয়া হৈছিল । ১৯৫২ চনত স্বাধীনতাৰ পাছত, এই সম্পত্তি হায়দৰাবাদৰ নিজাম নৱাব মীৰ ওচমান আল্লি খানক হস্তান্তৰ কৰা হয় । যিহেতু তেওঁৰ আয়কৰ বকেয়া আছিল ৫৯ লাখ ৪৭ হাজাৰ টকা । যেতিয়ালৈকে ধনখিনি পৰিশোধ কৰা নহয় সম্পত্তিখিনি বিক্ৰী, বন্ধকী আদি নিষিদ্ধ কৰা হৈছিল । অৱশ্যে কৰৰ সমস্যাবোৰ পাছত সমাধান কৰা হৈছিল ।

বহু বছৰৰ অন্তত, নৱাব মীৰ বৰকত আল্লি খান বাহাদুৰক নিজামৰ ইয়াৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কৰা হয় । ২০০৩ চনত, তদানীন্তন জিলা উপায়ুক্তৰ নিৰ্দেশ অনুসৰি, সকলো লেচিৰ নাম বাদ দি সম্পত্তিখিনি চৰকাৰৰ নিয়ন্ত্ৰণলৈ অনা হৈছিল । অৱশ্যে, আদেশটো প্ৰত্যাহাৰ কৰা হৈছিল আৰু ২০০৫ চনত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছিল ।

২০১৬ চনত, সম্পত্তিখিনি দিলীপ ঠাক্কৰৰ নামত স্থানান্তৰ কৰা হৈছিল । তেতিয়াৰ পৰাই ঠাক্কৰ আৰু নিজামৰ উত্তৰাধিকাৰীৰ মাজত সম্পত্তিৰ মালিকীস্বত্বক লৈ বিবাদ চলি আহিছে । ১ ডিচেম্বৰ তাৰিখে হোৱা বিবাদৰ বিষয়ে বিবেচনা কৰি, সাতাৰা জিলাৰ উপায়ুক্ত ৰুচেশ জয়বংশীয়ে পৰৱৰ্তী জাননী নোপোৱালৈকে উডলেণ্ডৰ সম্পত্তি জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Drones to deliver drugs : মেঘালয়ৰ দূৰৱৰ্তী অঞ্চলৰ স্বাস্থ্য সেৱাত ব্যৱহাৰ হ'ব ড্ৰোণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.