ETV Bharat / bharat

Black magician murder: টকাৰ বৰষুণ নোহোৱাৰ বাবে তান্ত্ৰিকক হত্যা - sensational murder cases in india

অমৰাৱতী জিলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷ টকাৰ বৰষুণ নোহোৱাৰ বাবে ভক্তই হত্যা কৰে তান্ত্ৰিকক ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত পাঁচ অভিযুক্ত ৷

Black magician murder
টকাৰ বৰষুণ নোহোৱাৰ বাবে তান্ত্ৰিকক হত্যা
author img

By

Published : Aug 17, 2023, 8:36 PM IST

নিউজ ডেস্ক, ১৭ আগষ্ট: অমৰাৱতী জিলাত ‘টকাৰ বৰষুণেৰে ধনী কৰা’ প্ৰলোভন দিয়া এজন তান্ত্ৰিকক তেওঁৰেই ভক্তসকলে হত্যা কৰে । অমৰাৱতী জিলাৰ চন্দুৰ ৰে’লৱে তালুকৰ শিৱনী শ্বেট শিৱৰাত সংঘটিত হয় এই ঘটনা । চন্দুৰ ৰে’লৱে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বুধবাৰে নাগপুৰৰ পৰা পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰে । চন্দুৰ ৰে’ল নগৰৰ মিলিন্দ নগৰত বাস কৰা ৰমেশ মেশ্ৰমে আঘোৰী পূজা কৰি টকা বৰষুণ ঘটাব পাৰে বুলি ভবিষ্যদ্বাণী কৰিছিল ।

১৫ আগষ্টৰ সন্ধিয়া ৰমেশ মেশ্ৰমে শিৱনীৰ এখন পথাৰত আঘোৰী পূজা আগবঢ়ায় । এই পূজাত তেওঁৰ লগত বহিছিল বাবুৰাও মেশ্ৰম (৪৫), আক্ৰাম ইয়াকুব (২৩), কমলাকাৰ চৰ্পে (৪৪), ৰাজেশ য়েছানছুৰে (২৮) আৰু ময়ুৰ মাদগিলৱাৰ (২৬) । নাগপুৰৰ পৰা অহা এই লোককেইজনে তান্ত্ৰিক ৰমেশ মেশ্ৰমৰ কথা মতে, আঘোৰী পূজাৰ পিছত টকা বৰষুণ হ’ব বুলি আশা কৰিছিল । কিন্তু বহুসময়লৈ টকাৰ বৰষুণ নোহোৱাত তেওঁলোকে তান্ত্ৰিক ৰমেশ মেশ্ৰমক প্রশ্ন কৰে আৰু ইয়াকে লৈ দুয়োপক্ষৰ মাজত বাকযুদ্ধ আৰম্ভ হয় । তেওঁলোকে তান্ত্ৰিকক পূজাৰ বাবে আদায় দিয়া ধন ঘূৰাই দিবলৈ দাবী কৰে ।

প্ৰত্যুত্তৰত ৰমেশ মেশ্ৰমে তেওঁলোকৰ ওপৰত যাদু-মন্ত্ৰ কৰাৰ ভাবুকি দিয়ে । ৰমেশ মেশ্ৰমৰ অৱতাৰ দেখি তেওঁলোক ভ্ৰীতিগ্ৰস্ত হয় যদিও ৰমেশ মেশ্ৰমে কিবা কৰাৰ পূৰ্বেই তেওঁলোকে প্ৰহাৰ কৰে । তেওঁলোকৰ প্ৰহাৰত ৰমেশ মেশ্ৰম ৰক্তাক্ত হয় ৷ ইফালে সেই স্থানৰ পৰা পলায়ন কৰে পাঁচ অভিযুক্তই । আৰক্ষীৰ তদন্তত শিৱনীৰ শ্বেট শিৱৰাৰ এটা জুপুৰিত মৃত অৱস্থাত উদ্ধাৰ হয় ৰমেশ মেশ্ৰম (বয়স ৬৫) । তেওঁৰ পুত্ৰ উজ্বলে ১৫ আগষ্টৰ নিশা চন্দুৰ ৰে‘লৱে থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে । চন্দুৰ ৰে’ল আৰক্ষীৰ সৈতে স্থানীয় অপৰাধ অনুসন্ধাৰ শাখাৰ এটা দলে গোচৰটোৰ তদন্ত আৰম্ভ কৰে ।

ৰমেশ মেশ্ৰমৰ মোবাইল ফোনৰ পৰা তদন্তকাৰী দলে নাগপুৰৰ পৰা পাঁচজন মানুহ তেওঁক লগ কৰিবলৈ অহাৰ তথ্য লাভ কৰে । লগে লগে স্থানীয় অপৰাধ শাখাৰ এটা দলে নাগপুৰত উপস্থিত হৈ বুধবাৰে পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰে । স্থানীয় অপৰাধ শাখাৰ আৰক্ষী পৰিদৰ্শক কিৰণ ৱানখাডে জনোৱা মতে, ধৃত অভিযুক্তসকলেও হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ।

লগতে পঢ়ক: Woman murder in train: চলন্ত ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই মহিলাক হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.