ETV Bharat / bharat

Mentally challenged girl was raped : মানসিক ভাৰসাম্যহীন যুৱতীক ধৰ্ষণ,৩ অভিযুক্তক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:27 PM IST

ৰাজকোটৰ গোণ্ডালত মানসিক ভাৰসাম্যহীন যুৱতীক ধৰ্ষণ । ধৰ্ষণৰ অভিযুক্ত ৩ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তসকলক কঠোৰ শাস্তিৰো দাবী উঠিছে ।

Mentally challenged girl was raped
মানসিক ভাৰসাম্যহীন যুৱতীক ধৰ্ষণ

নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : গুজৰাটৰ ৰাজকোট জিলাত চাঞ্চল্যকৰ ঘটনা । গোণ্ডাল তালুকৰ এখন গাঁৱত এগৰাকী ২৫ বছৰীয়া মানসিক ভাৰসাম্যহীন যুৱতীক ধৰ্ষণ । অভিযুক্ত ধৰ্ষণকাৰীসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে ঘটনাটোৰ পাছতে তিনি অভিযুক্তই পলায়ন কৰিছিল । কিন্তু গাঁওবাসীৰ সজাগতাৰ বাবে অৱশেষত তিনিও অভিযুক্তকে আটকোট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে জনোৱা মতে মানসিকভাৱে বিকাৰগ্ৰস্ত ২৫ বছৰীয়া যুৱতীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সৈতে গোণ্ডাল তালুকৰ এখন গাঁৱত বাস কৰে । ঘটনাটোৰ আবেলি যুৱতীগৰাকী ঘৰত অকলেই আছিল । একে সময়তে অক্ষয় বাবাৰিয়া, ৰোজি খেৰা আৰু হৰেশ পাৰমাৰ নামৰ তিনি অভিযুক্তই তেওঁৰ ঘৰত প্ৰৱেশ কৰে । অভিযোগ অনুসৰি তেওঁলোকৰ ভিতৰত অক্ষয় বাবাৰিয়া নামৰ লোকজনে যুৱতীগৰাকীক ধৰ্ষণ কৰে ।

ধৰ্ষণৰ পাছতে তিনিওজন অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইফালে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে গাঁওখনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে কেইঘণ্টামানৰ ভিতৰতে গাঁওখনৰ একাংশ যুৱকে তিনিওজন অভিযুক্তক কৰায়ত্ত কৰি আটকোট আৰক্ষীক গতাই দিয়ে । আটকোট আৰক্ষীয়ে তিনিওজনকে জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । আনহাতে মানসিক ভাৰসাম্যহীন যুৱতীক এনেদৰে ধৰ্ষণ কৰাৰ ঘটনাক সকলোৱে একেমুখে নিন্দা কৰিছে । লগতে অভিযুক্তসকলক কঠোৰ শাস্তি প্ৰদানৰো দাবী কৰিছে ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে উল্লেখ কৰা মতে তেওঁলোকে অভিযুক্তসকলক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে । থানাত তেওঁলোকক সোধাপোছাও কৰি থকা হৈছে ।

লগতে পঢ়ক :MLA Sherman Ali Controversy: পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী; প্ৰশ্ন কৰাৰ বাবেই ভুক্তভোগীক গ্ৰেপ্তাৰৰ ভাবুকি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.