নিউজ ডেস্ক, ২৯ নৱেম্বৰ : এক আৱেগিক পৰিৱেশ । নহ'বনো কিয়, সুদীৰ্ঘ ২০ বছৰৰ মূৰত পৰিয়ালে ঘূৰাই পাইছে এসময়ত নিৰুদ্দিষ্ট হোৱা বোৱাৰীয়েকক । ২০ বছৰ পূৰ্বে পৰিয়ালৰ সৈতে বিচ্ছেদ ঘটিছিল মানসিক ৰোগত আক্ৰান্ত মহিলাগৰাকী (mentally disorder Woman broke up with family) । ঘটনাটো উত্তৰ প্ৰদেশৰ (Woman Reunite Family) ।
উত্তৰ প্ৰদেশৰ মথুৰাৰ বাসিন্দা হৈছে ৰিছাৰ । তেওঁৰে পত্নী হৈছে উক্ত মহিলাগৰাকী । ৰিছাৰৰ পত্নী মুবিনাই কিছু পাৰিবাৰিক সমস্যাৰ বাবে ২০ বছৰ পূৰ্বতে ঘৰ এৰিছিল । তাৰ পিছত প্ৰায় 11 বছৰ পূৰ্বে মুবিনাই তিৰুপতথুৰ বাছ ষ্টেচনৰ কাষত ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে । তেনেদৰে ঘূৰি ফুৰোঁতে আৰক্ষীৰ দৃষ্টিত পৰে মুবিনা । মুবিনাৰ মানসিক বিকাৰৰ বাবে আৰক্ষীয়ে নি তেওঁক ৰে'ল ষ্টেচন এলেকাত অৱস্থিত এটা মানসিক ৰোগী পুনৰ্সংস্থাপন গৃহত গতাই দিয়ে (mental rehabilitation home) ।
11 বছৰ ধৰি মুবিনাক মানসিক ৰোগী পুনৰ্সংস্থাপন গৃহৰ প্ৰতিষ্ঠাপক ৰমেশে সুৰক্ষিত কৰি ৰাখিছিল । দুসপ্তাহ পূৰ্বে তিৰুপ্পতথুৰৰ বাসিন্দা তথা আগ্ৰাৰ বায়ুসেনাত কৰ্মৰত কৰ্মচাৰী অৰুণ কুমাৰে তেওঁৰ কোনো সম্পৰ্কীয়ৰ জন্মদিন উপলক্ষে খাদ্য দিবলৈ উক্ত পুনৰ্সংস্থাপন কেন্দ্ৰটোলৈ যায় (Air Force in Agra) ।
অনুষ্ঠানটোত মানসিক স্বাস্থ্য সেৱা কেন্দ্ৰৰ (Mental health care Center) প্ৰতিষ্ঠাপক ৰমেশে অৰুণ কুমাৰক মুবিনাৰ বিষয়ে সোধা-পোছা কৰিবলৈ কয় । তাৰ পিছত কামৰ বাবে আগ্ৰালৈ উভতি গৈ অৰুণ কুমাৰে আৰক্ষীক মুবিনাৰ বিষয়ে অৱগত কৰায় । আৰক্ষীয়ে এই তথ্য লাভ কৰি মুবিনাৰ পৰিয়ালৰ সন্ধান আৰম্ভ কৰে আৰু পৰিয়ালটোক চিনাক্ত কৰি মুবিনাৰ বিষয়ে জনায় ।
মুবিনাৰ পৰিয়ালে তেওঁৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত পৰিয়ালটোৰ চাৰিজন সদস্যই সোমবাৰে তিৰুপ্পতথুৰলৈ গৈ মুবিনাক লগ কৰে । ২০ বছৰৰ মূৰত নিজৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ পিছত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় । লগে লগে পৰিয়ালৰ সদস্যসকলে মুবিনাক সাৱটি ধৰি উচুপি উঠে ।
ইয়াৰ পিছত প্ৰয়োজনীয় প্ৰক্ৰিয়া সমাধান কৰি জিলা উপায়ুক্ত অমৰকুশ্বহা আৰু মানসিক স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক ৰমেশে মুবিনাক জিলা উপায়ুক্তৰ কাৰ্যালয়ত তেওঁৰ পৰিয়ালক গতাই দিয়ে । মুবিনাক ঘূৰাই পোৱাৰ আনন্দত মুবিনাৰ পৰিয়ালে আনন্দৰ চকুপানীৰে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে ।
লগতে পঢ়ক :Tribute to Animesh Bhuyan: ছাত্র নেতা অনিমেশ ভুঞা হত্যাকাণ্ডৰ এটা বছৰ