ETV Bharat / bharat

PEGASUS: মোডী চৰকাৰক 'ব্ৰিটিছ ৰাজত্ব'ৰ সৈতে তুলনা মেহবুবা মুফটীৰ

author img

By

Published : Jul 24, 2021, 3:53 PM IST

পেগাচাছ(PEGASUS) বিতৰ্ক সন্দৰ্ভত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিপলছ ডেম'ক্ৰেটিক পাৰ্টী(People’s Democratic Party)ৰ সভানেত্ৰী মেহবুবা মুফটীৰ । বিজেপিয়ে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছে গ্ৰহণ কৰা নীতি অনুসৰণ কৰিছে বুলি মন্তব্য মেহবুবা মুফটিৰ । বিজেপি চৰকাৰে বিৰোধী ৰাজনৈতিক নেতাৰ কাৰ্যকলাপ পেগাচাছৰ জৰিয়তে অবৈধভাৱে নিৰীক্ষণ কৰাৰো অভিযোগ তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Mehbooba Mufti compares Modi govt with British Raj for Pegasus 'surveillance'
মোডী চৰকাৰক 'ব্ৰিটিছ ৰাজত্ব' সৈতে তুলনা মেহবুবা মুফটীৰ

নেশ্যনেল ডেস্ক, ২৪ জুলাই: ভাৰতৰ উপৰিও বিশ্বৰ আন আন দেশতো এতিয়া পেগাচাছ(PEGASUS)ৰ চৰ্চা অব্যাহত আছে । ভাৰতত পেগাচাছৰ বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে বিজেপি চৰকাৰলৈ সন্দেহৰ আঙুলি টোৱাইছে । এইবাৰৰ পেগাচাছৰ জৰিয়তে নিৰীক্ষণ কৰাৰ প্ৰসংগ উত্থাপন কৰি মোডী চৰকাৰক 'ব্ৰিটিছ ৰাজত্ব' সৈতে তুলনা কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিপলছ ডেম'ক্ৰেটিক পাৰ্টী(People’s Democratic Party)ৰ সভানেত্ৰী মেহবুবা মুফটীয়ে । শুকুৰবাৰে তেওঁ কয় যে, বিজেপিয়ে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ এনেদৰে চোৰাংচোৱাগিৰি কৰিছে ।

Mehbooba Mufti compares Modi govt with British Raj for Pegasus 'surveillance'
মোডী চৰকাৰক 'ব্ৰিটিছ ৰাজত্ব'ৰ সৈতে তুলনা মেহবুবা মুফটীৰ

বিজেপি চৰকাৰে স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছে গ্ৰহণ কৰা নীতি অনুসৰণ কৰিছে বুলিও তেওঁ সমালোচনা কৰে । বিৰোধীৰে মোকাবিলা কৰিবলৈ পেগাচাছক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলিও তেওঁ অভিযোগ তোলে । মেহবুবা মুফটীয়ে টুইটযোগে কয় যে, ভাৰত চৰকাৰ দুৰ্বল হৈ পৰিছে আৰু এতিয়া নিৰ্লজ্জভাৱে নাগৰিকৰ মৌলিক মানৱ অধিকাৰ খৰ্ব কৰিছে । সংবাদ গোষ্ঠী দ্য ৱায়াৰে প্ৰকাশ কৰা মতে, ২০১৭-২০১৯ চনৰ মাজভাগত পেগাচাছৰ সম্ভাৱ্য নিৰীক্ষণ তালিকাত অন্তৰ্ভুক্ত হৈছিল মেহবুবা মুফটীৰ নম্বৰ ।

দ্য ৱায়াৰৰ তথ্য অনুসৰি, কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা বিলাল ল'ন, দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক এছ এ আৰ গিলানি, দুজন পি ডি পি সদস্য, মেহবুবা মুফটীৰ পৰিয়ালৰ সদস্য, জম্মু-কাশ্মীৰৰ 'আপনী পাৰ্টী'ৰ সভাপতি আলতাফ বুখাৰীৰ ভাতৃ, চৈয়দ আলী শ্বাহ গিলানি আৰু মিৰৱাইজ উমৰ ফাৰুকৰ পৰিয়ালৰ সদস্যসহ মুঠ ২৫ জন লোক এই তালিকাত আছে । এক বিবৃতিৰ জৰিয়তে হুৰিয়তৰ মুখপাত্ৰগৰাকীয়ে অধ্যক্ষ মিৰৱাইজ উমৰ ফাৰুক আৰু জ্যেষ্ঠ কাৰ্যবাহী সদস্য বিলাল ঘানি ল'ন আৰু মাছৰুৰ আব্বাছ আনছাৰিৰ ওপৰত নিৰীক্ষণ কৰা কাৰ্যক গৰিহণা দিয়ে ।

তেওঁ কয় যে, নিৰীক্ষণৰ বাবে মানুহৰ ফোন হেক কৰাটো পোনপটীয়াকৈ গোপনীয়তাৰ মৌলিক অধিকাৰ উলংঘণ ৷ লগতে ইয়াক মৌলিক মানৱ অধিকাৰ ইচ্ছাকৃতভাৱে খৰ্ব কৰা বুলিও ক'ব পৰা যায় ৷ এই কাৰ্যৰ সৈতে জড়িত লোকসকলকৰ বিৰুদ্ধে বিচাৰ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে । মুখপাত্ৰগৰাকীয়ে কয় যে, ফোন হেক কৰা কাৰ্যই প্ৰমাণিত কৰিছে যে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ মৌলিক মানৱ অধিকাৰ খৰ্ব ৰখা হৈছে । ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ সাংবাদিক ডিএনএৰ প্ৰাক্তন নতুন দিল্লী ব্যুৰ' চীফ ইফতিখাৰ গিলানি, ইণ্ডিয়ান এক্সপ্ৰেছৰ মুজামিল জলীল, হিন্দুস্তান টাইমছৰ ঔৰংগজেৱ নকশবন্দী আৰু পিটিআইৰ চুমিৰ কৌলৰ নামো এই তালিকাত থকাৰ কথা পোহৰলৈ আহিছিল ।

লগতে পঢ়ক:সীমান্ত বিবাদ সমাধানৰ উদ্দেশ্যে অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.