ETV Bharat / bharat

Conrad Sangmas chopper emergency Landing: প্ৰতিকূল বতৰৰ বাবে জৰুৰী অৱতৰণ কনৰাড চাংমাৰ হেলিকপ্টাৰৰ

author img

By

Published : Nov 2, 2022, 10:33 PM IST

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ ৷ বেয়া বতৰৰ বাবে আপাৰ শ্বিলঙৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত (Advance Landing Ground in Upper Shillong) নামিব নোৱৰাৰ বাবে উমিয়াম হ্ৰদৰ (Umiam lake in Shillong) সমীপৰ ইউনিয়ন খ্ৰীষ্টান কলেজ (ইউ চি চি)ত জৰুৰীকালীন অৱতৰণ কৰে হেলিকপ্টাৰখন।

Conrad Sangmas chopper emergency Landing

নিউজ ডেস্ক, 2 নৱেম্বৰ: বুধবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰিব লগীয়া হয় (Emergency Landing of Conrad Sangma helicopter) ৷ হেলিকপ্টাৰখন বেয়া বতৰৰ বাবে আপাৰ শ্বিলঙৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত (Advance Landing Ground in Upper Shillong) নামিব নোৱাৰাৰ বাবে উমিয়াম হ্ৰদৰ (Umiam lake in Shillong) সমীপৰ ইউনিয়ন খ্ৰীষ্টান কলেজ (ইউ চি চি)ত জৰুৰীকালীন অৱতৰণ কৰে । সেই সময়ত গাৰো পাহাৰৰ নিজৰ সমষ্টিলৈ আনুষ্ঠানিক ভ্ৰমণৰ পৰা উভতি আহিছিল চাংমা ।

  • Emergency landing at UCC in Umiam due to bad weather on the way from Tura but enjoyed the view of the lovely campus during my walk & had a good time there thanks to their hospitality. What a day! pic.twitter.com/kdCwUNMefD

    — Conrad Sangma (@SangmaConrad) November 2, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ হেলিকপ্টাৰখনে উমিয়ামত জৰুৰীকালীন অৱতৰণ কৰাৰ পিছত তেওঁ ইউচিচিৰ কেম্পাছৰ দৃশ্য উপভোগ কৰে আৰু ইউচিচি কেণ্টিনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে (Conrad Sangma in UCC) ।

তেওঁক প্ৰতিকূল বতৰৰ বাবে পুনৰ নিৰাপদ স্থানলৈ লৈ অহাৰ বাবে হেলিকপ্টাৰখনৰ কেপ্তেইন আৰু পাইলটকো ধন্যবাদ জনাই চাংমাই (Condrad Sangma news) ।

“কি দুঃসাহসিক অভিযান ! বেয়া বতৰৰ বাবে উমিয়ামৰ ইউচিচিত জৰুৰীকালীন অৱতৰণ । কেম্পাছৰ মনোমোহা দৃশ্য উপভোগ কৰিলোঁ । ইউচিচিৰ কৰ্মচাৰীৰ সৈতে সাক্ষাৎ কৰিলোঁ । ইউচিচি কেণ্টিনত দুপৰীয়াৰ আহাৰ কৰিলোঁ । বতৰটো সঁচাকৈয়ে অভাৱনীয় । আমাক নিৰাপদে ঘূৰাই অনাৰ বাবে কেপ্তেইন আৰু পাইলটক ধন্যবাদ ।’’এইদৰে টুইটত উল্লেখ কৰে কনৰাড চাংমাই ৷

  • What an adventure!
    •Emergency Landing at UCC, Umiam due to bad weather
    •Enjoyed the beautiful scenery in the Campus
    •Met with staff of UCC
    •Lunch in UCC Canteen

    The weather is truly unpredictable. Thank the Captain & Pilot for bringing us back safely. pic.twitter.com/D4rMAzGYhC

টুইটৰ লগতে চাংমাই শ্বেয়াৰ কৰা এটা ভিডিঅ’ ক্লিপত মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ পৰা কলেজলৈ খোজ কাঢ়ি যোৱা আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত জৰুৰীকালীন অৱতৰণৰ অভিজ্ঞতা শ্বেয়াৰ কৰা দেখা গৈছে । “আমি নিৰাপত্তাৰ কাৰণে ডাইভাৰ্ট কৰিলোঁ । আমি চহৰলৈ ঘূৰি অহাৰ উপায় উলিয়াম । তুৰাৰ পৰা যাত্ৰাপথত বেয়া বতৰৰ বাবে উমিয়ামৰ ইউচিচিত জৰুৰীকালীন অৱতৰণ কৰা হয় ৷ কিন্তু মই খোজ কঢ়াৰ সময়ত মনোমোহা কেম্পাছৰ দৃশ্য উপভোগ কৰিলোঁ আৰু তেওঁলোকৰ আতিথ্যৰ বাবে তাত সুন্দৰ সময় পালোঁ । কি যে দিন !” তেওঁ আন এটা টুইটত এইদৰে কয় ।

লগতে পঢ়ক: Prafulla Mahanta to move out of Dispur MLA hostel: সপৰিয়ালে চৰকাৰী বিধায়ক আৱাস এৰিলে প্ৰফুল্ল কুমাৰ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.