ETV Bharat / bharat

Conrad Sangma Sworn in : প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কনৰাড চাংমাৰ

কনৰাড চাংমা চৰকাৰ ৪৫ জন বিধায়কৰ পোনপটীয়া সমৰ্থনত দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ শাসনলৈ আহে (Conrad Sangma government formed in Meghalaya) । লগতে তেওঁৰ চৰকাৰক দুটা প্ৰধান আঞ্চলিক দলে সমৰ্থন জনায় ।

Meghalaya
Meghalaya
author img

By

Published : Mar 7, 2023, 4:02 PM IST

নিউজ ডেস্ক, ৭ মাৰ্চ : ৰাজ্যপাল ফাগু চৌহানে কৰোৱা শপত গ্ৰহণৰ জৰিয়তে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মঙলবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে (Meghalaya CM Conrad Sangma sworn in) । আনহাতে, কনৰাড চাংমা মিত্ৰজোঁটৰ অংশীদাৰ গেৰুৱা দলৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে (Modi on Conrad Sangma oath taking ceremony) । লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Union Home Minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও (BJP national president JP Nadda) উপস্থিত থাকে ।

মেঘালয় ডেম'ক্ৰেটিক এলায়েন্স (Meghalaya Democratic Alliance, MDA) চৰকাৰৰ পূৰ্বৰ অংশীদাৰ পিপ'লছ ডেম'ক্ৰেটিক ফ্ৰণ্ট (People's Democratic Front, PDF) আৰু ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীয়ে (United Democratic Party, UDP) এনপিপিৰ কনৰাড চাংমাক ক্ৰমে ৪ আৰু ৫ মাৰ্চত সমৰ্থন আগবঢ়ায় । যাৰ ফলত বিদায়ী মুখ্যমন্ত্ৰীজনক সমৰ্থন কৰা মুঠ বিধায়কৰ সংখ্যা ৪৫ লৈ বৃদ্ধি হয় । উল্লেখ্য, ইউডিপিয়ে নিৰ্বাচনত 11 খন আসন লাভ কৰাৰ বিপৰীতে পিডিএফে দুখন আসন লাভ কৰে ।

উল্লেখ্য যে, এইবাৰ বিধানসভা নিৰ্বাচনত দুখন আসন লাভ কৰা বিজেপিয়ে আৰম্ভণিতেই চাংমাক সমৰ্থন আগবঢ়াইছিল (BJP NPP alliance govt in Meghalaya) । চাংমা মিত্ৰজোঁটত হিল ষ্টেট পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টীৰ দুজন বিধায়ক আৰু দুজন নিৰ্দলীয় বিধায়কৰো সমৰ্থন আছিল । আনহাতে, চাংমাৰ এনপিপিয়ে এই নিৰ্বাচনত ২৬ খন আসন লাভ কৰে ।

"মই ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীৰ সংসদীয় দলৰ হৈ ইয়াৰ দ্বাৰা চৰকাৰ গঠনৰ বাবে সমৰ্থন আগবঢ়াইছোঁ ।" এনপিপিৰ ছুপ্ৰিমোক দাখিল কৰা পত্ৰখনত ইউডিপিৰ মুৰব্বী মেটবাহ লিংডোৱে এনেদৰে কয় । আনহাতে, প্ৰাক্তন বিধানসভাৰ অধ্যক্ষগৰাকীয়ে চাংমাৰ সৈতে তেওঁৰ বাসগৃহত মিলিত হয় ।

ইফালে পিডিএফৰ কাৰ্যকৰী সভাপতি বেণ্টিডৰ লিংডো আৰু সভাপতি গেভিন মাইলিয়েমংগেপেও চাংমাক লগ কৰি তেওঁলোকৰ সমৰ্থনপত্ৰ তেওঁৰ হাতত অৰ্পণ কৰে । "চৰকাৰ গঠনৰ বাবে এনপিপিত যোগদান কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ইউডিপি আৰু পিডিএফক ধন্যবাদ । ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ শক্তিশালী সমৰ্থনে আমাক মেঘালয় আৰু ইয়াৰ লোকসকলক সেৱা আগবঢ়োৱাত অধিক শক্তিশালী কৰিব ।" চাংমাই সমৰ্থনপত্ৰসমূহৰ কথা উল্লেখ কৰি এনেদৰে টুইট কৰে ।

ইয়াৰ পূৰ্বে শনিবাৰে ডি শ্বিৰাই বিধানসভাত প্ৰটে'ম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে । তেওঁ এক বিশেষ বিধানসভা অধিবেশনত নৱনিৰ্বাচিত বিধায়কসকলক শপত গ্ৰহণ কৰাব । ৫৯ জন সদস্য থকা নতুন সদনখনৰ অধ্যক্ষ নিৰ্বাচনৰ বাবে ৯ মাৰ্চত বিধানসভাৰ বৈঠক হ'ব ।

উল্লেখ্য, ২০১৮ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পিছত চাংমাৰ দল দ্বিতীয় স্থানত আছিল । চৰকাৰ গঠনৰ বাবে তেওঁৰ দলক ৩০ খন আসনৰ প্ৰয়োজন আছিল । এনপিপিয়ে আন আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰিছিল আৰু ৩৪ জন বিধায়কৰ সমৰ্থন লাভ কৰি চৰকাৰ গঠনৰ দাবী কৰিছিল । তেওঁৰ মেঘালয় ডেম'ক্ৰেটিক এলায়েন্সত তেওঁৰ নিজৰ দলৰ ১৯ জন, ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীৰ ছয়জন, পিপ'লছ ডেম'ক্ৰেটিক ফ্ৰণ্টৰ চাৰিজন, হিল ষ্টেট পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ দুজনকৈ আৰু এজন নিৰ্দলীয় অন্তৰ্ভুক্ত আছিল ।

লগতে পঢ়ক :Prime Minister’s two day NE visit : মেঘালয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.