নেশ্যনেল ডেস্ক,৮ জুন : লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী শক্তি একত্ৰিত হোৱাৰ কুছকাৱাজ আৰম্ভ হৈছে । তাৰ অংশস্বৰূপে অহা ২৩ জুনত বিহাৰৰ পাটনাত অনুষ্ঠিত হ'ব বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক (Mega opposition meet in Bihar)। বিৰোধীৰ এই বৃহৎ বৈঠকলৈ বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সকলো নেতাক নিমন্ত্ৰণ জনাইছে । আনহাতে এই বৈঠকলৈ প্ৰতিনিধি প্ৰেৰণ কৰাৰ পৰিৱৰ্তে নিজকে উপস্থিত থাকিবলৈও তেওঁ আহ্বান জনাইছে ।
তেজস্বী যাদৱে কয় যে ১৫ টা বিৰোধী দলে বৈঠকত অংশগ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাহিৰে সকলো নেতা এই বৈঠকলৈ আহি আছে বুলি তেওঁ দাবী কৰে (Oppositions unity)।
যাদৱ আৰু জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজীৱ ৰঞ্জন সিঙে বুধবাৰে ঘোষণা কৰে যে বিৰোধী দলসমূহৰ সন্মিলন ২৩ জুনত অনুষ্ঠিত হ'ব আৰু ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অখিলেশ যাদৱ, হেমন্ত চোৰেণ, উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ, এম কে ষ্টেলিন, অৰবিন্দ কেজৰিৱাল, ডি ৰাজা, সীতাৰাম য়েচুৰী আৰু দীপন ভট্টাচাৰ্যকে ধৰি বিৰোধী নেতাসকলে বৈঠকত অংশগ্ৰহণ কৰিব ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিৰোধী দলক একত্ৰিত কৰিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই বৈঠকখন আহ্বান কৰিছে । বৈঠকত অংশগ্ৰহণ সন্দৰ্ভত মন্তব্য কৰি এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে কয় যে নীতিশ কুমাৰে তেওঁক ফোন কৰি নিমন্ত্ৰণ জনাইছে । নীতিশ কুমাৰে দেশৰ বিৰোধী নেতাসকলক আমন্ত্ৰণ জনাইছে । সেয়ে তেওঁ তালৈ যাব বুলি উল্লেখ কৰে শৰদ পাৱাৰে । এটা ৰাষ্ট্ৰীয় বিষয়ত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰিয়ে নীতিশ কুমাৰে আমন্ত্ৰণ আগবঢ়াইছে বুলি পাৱাৰে উল্লেখ কৰে ।
ইফালে, তেজস্বী যাদৱে দাবী কৰে যে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যুঁজিবলৈ ভয় কৰিছে কিয়নো বিজেপিয়ে ঐক্যবদ্ধ বিৰোধীৰ সন্মুখীন হ'ব লাগিব পাৰে । ২৩ জুনত পাটনাত অনুষ্ঠিত হ'বলগীয়া বিৰোধী দলসমূহৰ সন্মিলনক সমালোচনা কৰা কিছুমান বিজেপি নেতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যাদৱে এনেদৰে কয় (Tejashwi slams BJP)।
তেজস্বী যাদৱৰ মতে শেহতীয়াকৈ হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাজিত হৈছিল । যাদৱে দাবী কৰা মতে বিজেপিয়ে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, দিল্লী আৰু হাৰিয়ানাৰ দৰে ৰাজ্যতো পৰাজয়ৰ আশংকাত ভূগিছে ।
লক্ষণীয়ভাৱে, জেডি(ইউ)ৰ সৰ্বোচ্চ নেতা নীতিশ কুমাৰে লোকসভা নিৰ্বাচনত এন ডি এৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিৰোধীৰ প্ৰচেষ্টা চলাই আছে । কেচিআৰ সন্দৰ্ভত সোধা এক প্ৰশ্নত নীতিশে কয় যে তেওঁৰ সৈতে এতিয়ালৈ কথা পতা হোৱা নাই । অৱশ্যে, তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ বৈঠকত যোগদান কৰাৰ পৰা আঁতৰি যাব পাৰে বুলি আশংকা কৰা হৈছে (KCR to skip oppositions meeting)। যিহেতু কংগ্ৰেছ বৰ্তমান তেওঁৰ ৰাজ্যখনত মুখ্য প্ৰতিদ্বন্দী হিচাপে আছে । তদুপৰি, বিআৰএছ দলে ইংগিত দিছে যে ঐক্যবদ্ধ বিৰোধীৰ অংশ হোৱাৰ পৰিৱৰ্তে তেওঁলোকে তেলেংগানা আৰ্হি প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলাব ।