ETV Bharat / bharat

ৰাজস্থানত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা

author img

By

Published : Feb 28, 2021, 10:08 AM IST

ৰাজস্থানৰ যোধপুৰত এমবিবিএছৰ ছাত্ৰৰ আত্মহত্যা ৷ ঘটনাস্থলীৰ পৰা উদ্ধাৰ আত্মহত্যাৰ টোকা ৷

medical student commits suicide in rajasthan
ৰাজস্থানত আত্মহত্যা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰৰ

নেশ্যনেল ডেস্ক,28 ফেব্ৰুৱাৰী: শনিবাৰে ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে এক অঘটন ৷ যোধপুৰৰ চৰকাৰী এছ এন মেডিকেল কলেজৰ চূড়ান্ত ষান্মাষিকৰ এগৰাকী ছাত্ৰই দ্বিতীয় মহলাত থকা নিজৰ কোঠাৰ ভিতৰতে আত্মহত্যা কৰে ৷ মৃত ছাত্ৰ জন জালৌৰ জিলাৰ ৰামসীনৰ বাসিন্দা গেনাৰাম দেৱসী বুলি চিনাক্ত কৰা হৈছে ৷

শনিবাৰে বিয়লি প্ৰায় 7:30 বজাত সংঘটিত হৈছে এই ঘটনা ৷ সহপাঠীয়ে মৃত গেনাৰামৰ মৃজদেহটো কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰে তদন্ত ৷

উল্লেখ্য যে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ গেনাৰাম দেৱসীয়ে কিয় এনে পন্থা বাচি ল’লে সেই সম্পৰ্কে বৰ্তমান স্পষ্ট হোৱা নাই কোনো তথ্য ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা টোকা উদ্ধাৰ কৰাৰ কথা জানিবলৈ দিছে ৷

লগতে পঢ়কঃ বঘৰা ৰাজ্যিক চিকিৎসালয়লৈ গ্ৰীণ মৰিগাঁও বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.