ETV Bharat / bharat

মিজোৰামত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্যা

author img

By

Published : Feb 25, 2021, 7:24 PM IST

পৰীক্ষাৰ ফলাফলক লৈ হতাশা ! জীৱনৰ চৰম পথ বাছি ল'লে মিজোৰামৰ জোৰাম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ নজৰ চাকমাই । যোৱা ২৩ ফেব্ৰুৱাৰীত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল । ছাত্ৰগৰাকীয়ে এটা বিষয়ত অনুত্তীৰ্ণ হৈছিল । আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰি হতাশ হৈ আত্মহত্যা কৰে নজৰ চাকমাই ।

মিজোৰামত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্যা
মিজোৰামত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী: চৰম হতাশাত ভূগি আত্মহত্যা কৰিলে জোৰাম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ নজৰ চাকমাই । চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ২৩ ফেব্ৰুৱাৰীত ঘোষণা কৰা পৰীক্ষাৰ ফলাফল আশা কৰা ধৰণে নোহোৱাৰ পিছতে নিৰাশ হৈ পৰিছিল জোৰাম চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ প্ৰথম বৰ্ষৰ ছাত্ৰ নজৰ চাকমা ।

ছাত্ৰগৰাকীয়ে এটা বিষয়ত অনুত্তীৰ্ণ হৈছিল । অৱশেষত আত্মহননৰ পথ বাছি লয় ছাত্ৰজনে । বুধবাৰে হোষ্টেলৰ কোঠাতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ছাত্ৰজনক ।

নজৰ চাকমাৰ ৰুমমেটেও আৰক্ষীৰ আগত প্ৰকাশ কৰিছে তেওঁ হতাশাত ভোগাৰ কথা । বুধবাৰে পুৱা ৰুমমেটজনে বেডমিণ্টন খেলিবলৈ কোঠাৰ পৰা ওলাই গৈছিল আৰু দিনৰ প্ৰায় ১১.৩০ বজাত কোঠালৈ উভতি আহে । সেই সময়ত নজৰক তেওঁ চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ।

জোৰাম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু নজৰৰ সহপাঠীয়ে বৃহস্পতিবাৰে অনলাইনযোগে শোকসভাৰ আয়োজন কৰে । ইয়াৰ পিছতে ২০ গৰাকী সহপাঠীয়ে নজৰৰ নশ্বৰ দেহ তেওঁৰ ওপজা গাঁও চাওংটেলৈ লৈ যায় আৰু জ্যেষ্ঠ চিকিৎসা বিষয়া ড০ ৱালটাৰক চমজাই দিয়ে ।

লগতে পঢ়ক:সুৰাপানত বাধা দিয়াই কাল হ'ল দুৰ্ভগীয়া পত্নীৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.