ETV Bharat / bharat

অসমত ৫ মিনিটত বিষয়টো নিষ্পত্তি হ'লহেঁতেন; আকবৰুদ্দিন ওৱেইচিৰ ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰী - Election Commission of India

"যদি অসমত এনে হ'লহেঁতেন, তেন্তে বিষয়টো পাঁচ মিনিটৰ ভিতৰত নিষ্পত্তি হ'লহেঁতেন । তেলেংগানাত স্বজন-তোষণৰ ৰাজনীতিৰ বাবে বিআৰএছ বা কংগ্ৰেছে একো কোৱা নাই... যদি আপুনি আৰক্ষীক মুকলিকৈ ভাবুকি দিব পাৰে, তেন্তে সাধাৰণ মানুহেও ভাবুকি অনুভৱ কৰিব ।" বুধবাৰে মুখ্যমন্ত্ৰীয়ে কয় ।

Assam CM lashing out Akbaruddin Owaisi
আকবৰুদ্দিন ওৱেইচিৰ ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰী
author img

By ANI

Published : Nov 23, 2023, 9:09 AM IST

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : হায়দৰাবাদত এজন আৰক্ষী বিষয়াক ভাবুকি দিয়াৰ অভিযোগত আকবৰুদ্দিন ওৱেইচিক তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ বাবে থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি অসমত এইটো ঘটিলহেঁতেন তেন্তে বিষয়টো 'পাঁচ মিনিটৰ ভিতৰত' নিষ্পত্তি হ'লহেঁতেন ।

অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন চমুকৈ এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেইচিৰ ভাতৃ আকবৰুদ্দিন ওৱেইচিৰ বিৰুদ্ধে বুধবাৰে এজন আৰক্ষী পৰিদৰ্শকক মুকলিকৈ ভাবুকি দিয়াৰ বাবে গোচৰ ৰুজু কৰা হয় । আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক বিধানসভা নিৰ্বাচনৰ বাবে আদৰ্শ আচৰণ বিধি অনুসৰণ কৰিবলৈ কৈছিল ।

"যদি অসমত এনে হ'লহেঁতেন, তেন্তে বিষয়টো পাঁচ মিনিটৰ ভিতৰত নিষ্পত্তি হ'লহেঁতেন । তেলেংগানাত স্বজন-তোষণৰ ৰাজনীতিৰ বাবে বিআৰএছ বা কংগ্ৰেছে একো কোৱা নাই... যদি আপুনি আৰক্ষীক মুকলিকৈ ভাবুকি দিব পাৰে, তেন্তে সাধাৰণ মানুহেও ভাবুকি অনুভৱ কৰিব ।" বুধবাৰে মুখ্যমন্ত্ৰীয়ে কয় । লগতে তেওঁ ভাৰতৰ নিৰ্বাচন আয়োগক আকবৰুদ্দিন ওৱেইচিৰ প্ৰাৰ্থিত্ব বাতিল কৰিবলৈও আহ্বান জনায় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দক্ষিণ-পূব মণ্ডলৰ ডিচিপি ৰোহিত ৰাজুৱে জনাইছিল যে আকবৰুদ্দিন ওৱেইচিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । "গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৩ (চৰকাৰী কৰ্তব্যত বাধা দিয়া) আৰু অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।" আৰক্ষী বিষয়াগৰাকীয়ে কয় ।

আনহাতে, তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আকবৰুদ্দিনে কয়, "ডিচিপি আৰু আৰক্ষীয়ে মিছা কৈছে । প্ৰথম কথা, মোৰ ওচৰত তেওঁৰ (এজন আৰক্ষী বিষয়া) মঞ্চলৈ অহাৰ ভিডিঅ' ফুটেজ আছে । যদি মই নিশা ১০ বজাৰ পিছত ভাষণ দিছোঁ, তেন্তে আৰক্ষীয়ে মোৰ ওপৰত আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । কিন্তু এখন ৰাজহুৱা সভাত বাধা দিয়া আৰু সময় শেষ হৈছে বুলি কোৱাটো ভুল । আৰক্ষীয়ে এনে কৰা উচিত নহয় ।"

ঘটনা অনুযায়ী, হায়দৰাবাদৰ ললিতাবাগত এক প্ৰচাৰ অভিযানত ভাষণ দি থকা এআইএমআইএম নেতাজনে আৰক্ষীজনক অনুষ্ঠানস্থলীৰ পৰা যাবলৈ কৈছিল । যাৰ অৰ্থ হৈছে যে যদি তেওঁ নিজৰ সমৰ্থকসকলক সংকেত দিয়ে, তেন্তে পৰিদৰ্শকজনক সেই স্থানৰ পৰা দৌৰিবলৈ বাধ্য কৰাব । "আপুনি ভাবিছে নেকি যে চুৰি আৰু গুলীৰ সন্মুখীন হোৱাৰ পিছত মই দুৰ্বল হৈ পৰিছোঁ, এতিয়াও মোৰ মাজত যথেষ্ট সাহস আছে । পাঁচ মিনিট বাকী আছে আৰু মই পাঁচ মিনিট সম্বোধন কৰিম, কোনেও মোক বাধা দিব নোৱাৰে । যদি মই এটা সংকেত দিওঁ তেন্তে আপুনি দৌৰিব লাগিব, আমি তেওঁক দৌৰিবলৈ বাধ্য কৰিম নেকি ? এইটোৱেই মই কৈছোঁ যে তেওঁলোকে আমাক দুৰ্বল কৰিবলৈ এনেদৰে আহে ।" আকবৰুদ্দিনে কয় ।

ইফালে এই সন্দৰ্ভত এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেইচিয়েও তেওঁৰ ভাতৃক সমৰ্থন কৰি কয় যে বিষয়াজনে হস্তক্ষেপ কৰিব নালাগিছিল । কিয়নো প্ৰচাৰৰ সময় দিনটোৰ বাবে শেষ হ'বলৈ পাঁচ মিনিট বাকী আছিল । উল্লেখ্য যে আকবৰুদ্দিন চন্দ্ৰযানগুট্টা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে । এই আসনখন এআইএমআইএমৰ এক দুৰ্গ হৈ আছে । দলটোৱে ইয়াত ২০১৪ আৰু ২০১৮ চনত জয়লাভ কৰিছে । তেলেংগানাত ৩০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, ভোটগণনা আন চাৰিখন ৰাজ্যৰ সৈতে একেলগে ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :ইন্দিৰা গান্ধীৰ জন্মদিনত বিশ্বকাপৰ ফাইনেল হোৱা বাবে ভাৰত হাৰিল; তেলেংগানাত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.