ETV Bharat / bharat

Flood in Junagadh : বানৰ কৱলত গুজৰাটৰ ঐতিহাসিক জুনাগড় চহৰ, সৌৰাষ্ট্ৰত সতৰ্কবাণী জাৰি

author img

By

Published : Jul 23, 2023, 2:14 PM IST

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুজৰাটৰ জুনাগড়, গিৰ অঞ্চলত ধাৰাসাৰ বৰষুণ । পানীত বুৰ গৈছে জুনাগড় চহৰ । সৌৰাষ্ট্ৰত ঋতুৰ সৰ্বাধিক বৰষুণ ।

Flood in Junagadh
বানৰ কৱলত গুজৰাটৰ ঐতিহাসিক জুনাগড় চহৰ

নেশ্যনেল ডেস্ক,২৩ জুলাই : বানৰ কৱলত পৰিছে গুজৰাটৰ জুনাগড় । ১৯৮৪ চনৰ পাছত আটাইতকৈ বৃহৎ জলপ্লাৱনৰ সাক্ষী হৈছে জুনাগড়বাসী । আনহাতে সৌৰাষ্ট্ৰৰ কচ্ছতো দেওবাৰৰ পৰা তিনিদিনৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।

উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ পাছতে গুজৰাটৰ জুনাগড়ৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে । চহৰখনৰ প্ৰতিষ্ঠিত ৰাইজিবাগ অঞ্চলতো যথেষ্ট ক্ষতি হৈছে । জুনাগড় চহৰৰ সকলো পথতে দুই ফুটতকৈও অধিক পানী দেখা গৈছে । অত্যাধিক বৰষুণৰ বাবে বাট পথবোৰ নদীত পৰিণত হৈছে । ইফালে নলা নিষ্কাশন প্ৰণালী সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগ উঠিছে । যাৰ বাবে নলাবোৰ ওফন্দি উঠিছে আৰু নলাৰ ভিতৰৰ পৰা পানী পথবোৰত সোমাইছে ।

চহৰখনৰ ব্যৱসায়ীসকলো যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । বৰষুণৰ পানী একাংশ ব্যৱসায়িক প্ৰতিষ্ঠাৰ ভিতৰত প্ৰৱেশ কৰিছে । একপ্ৰকাৰ পানীৰ তলত সম্পূৰ্ণ জুনাগড় চহৰ । ইফালে এনডিআৰএফৰ দলেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । কেইবাগৰাকী লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । তেওঁলোকক খাদ্য সামগ্ৰীও যোগান ধৰা হৈছে ।

এনডিআৰএফ দলৰ সহায়ক কমাণ্ডেণ্ট ৰাকেশ সিং বিষ্ট গোটেই দিনটো তেওঁৰ দলৰ সৈতে উদ্ধাৰ অভিযানত ব্যস্ত হৈ থকা দেখা গৈছে । জানিব পৰা মতে গিৰৰ বনাঞ্চলৰ পৰা অহা পানী জুনাগড় চহৰত প্ৰৱেশ কৰাৰ ফলত পৰিস্থিতি অধিক অৱনতি হৈছে । মুখ্য পথবোৰৰ উপৰিও, নিৰন্তৰ বৰষুণৰ ফলত মূল বজাৰো প্লাবিত হৈছে । ইফালে পশুধনবোৰক বাহনেৰে সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে ।

এনডিআৰএফৰ জোৱানসকলে ২০০ ৰো অধিক লোকক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে । অঞ্চলটোৰ মঠ-মন্দিৰ আৰু আশ্ৰমবোৰো প্লাৱিত হৈছে । জুনাগড়ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক মন্ত্ৰী ৰাধাৱজী পেটেলে জুনাগড় সংগ্ৰাহকৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকৰ আহ্বান কৰে । আনহাতে সৌৰাষ্ট্ৰ-কচ্ছত এই ঋতুৰ সৰ্বাধিক বৰষুণ হোৱাৰ তথ্য পোহৰলৈ আহিছে । যাৰ বাবে প্ৰশাসনে তিনিদিনলৈ বিশেষ সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক :Himachal flood: হিমাচলত বানৰ তাণ্ডৱ ; ব্যাস নদীৰ পৰা উদ্ধাৰ 20 টা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.