ETV Bharat / bharat

আতচবাজীৰ বিপণীত সংঘটিত অগ্নিকাণ্ডই প্ৰাণ ল’লে 6 গৰাকীৰ

author img

By

Published : Oct 27, 2021, 1:18 PM IST

Updated : Oct 27, 2021, 1:58 PM IST

তামিলনাডুৰ এখন আতচবাজীৰ বিপণীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ৷ অগ্নিকাণ্ডটোৰ ফলত ৬ জন লোক নিহত হয় ৷ সম্প্ৰতি নিয়ন্ত্ৰণত পৰিস্থিতি ৷

Massive fire at cracker store in TN's Kallakurichi
আতজবাজীৰ বিপণীত সংঘটিত অগ্নিকাণ্ডই প্ৰাণ ল’লে 6 গৰাকীৰ

নেশ্যনল ডেস্ক, 27 অক্টোবৰ : মঙলবাৰে চেন্নাইৰ পৰা প্ৰায় ২৬২ কিল’মিটাৰ দূৰত্বত অৱস্থিত শংকৰপুৰমৰ এখন আতচবাজীৰ বিপণীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৬ জন লোক নিহত হয় ৷ তদুপৰি আন দহজন লোক আহত হৈছে ৷ আহতসকলক স্থানীয় কাল্লাকুৰিচি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

অগ্নি নিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ৷ প্ৰায় দুঘণ্টাতকৈও অধিক সময়ৰ পিছত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল দলটোৱে ৷ বিপণীখনত মজুত থকা আতচবাজীৰ পৰাই জুইৰ সূত্ৰপাত ঘটে আৰু ততালিকে জুইৰ লেলিহান শিখাই সমগ্ৰ বিপণীখনক আগুৰি ধৰে ৷ এই অগ্নিকাণ্ডৰ সময়ত অহৰহভাৱে আতজবাজীৰ শব্দ শুনা গৈছিল ৷

তথ্য অনুসৰি, দীপাৱলীৰ বাবে ফটকা মজুত ৰখা বিপণীখনত সংঘটিত হোৱা অগ্নিকাণ্ডই সমীপৰ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক মূহুৰ্ততে আগুৰি ধৰে ৷ এই অগ্নিকাণ্ডৰ ফলতে এখন বেকাৰীত থকা গেছৰ চিলিণ্ডাৰৰো বিস্ফোৰণ ঘটে ৷

উল্লেখ্য যে, জুই লগাৰ সময়ত বেকাৰীখনত চাৰিটাকৈ এলপিজি চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে ৷ ফলত অধিক ভয়ংকৰ হৈ পৰে অগ্নিকাণ্ডটো ৷ ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক জিয়াউল হক আৰু শংকৰপুৰমৰ স্থানীয় বিধায়ক উপস্থিত হৈ উদ্ধাৰ অভিযান কাৰ্যৰ তদাৰক কৰে ৷

লগতে চাওক: সুস্মিতা দেৱক আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ত্ৰিপুৰা আৰক্ষীয়ে

Last Updated : Oct 27, 2021, 1:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.