নেচনেল ডেস্ক,14 জানুৱাৰী: কেপিটেল চিটিৰ চিভিল লাইনছ অঞ্চলত অৱস্থিত চলমান ৰুশ্বদিৰ এক পৈত্ৰিক সম্পত্তিৰ মূল্য 130 কোটি ধাৰ্য কৰা এখন বিচাৰপীঠৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে ৷ এই সম্পত্তি বিক্ৰী কৰাৰ বাবে হোৱা এক চুক্তিৰ পাছত প্ৰায় 50 বছৰ ধৰি ৰুশ্বদিৰ পৰিয়াল আৰু কংগ্ৰেছমেন ভিকু ৰাম জৈনৰ মাজত আইনী যুদ্ধ চলিছিল ৷
2012 চনত উচ্চতম ন্যায়ালয়ে ৰুশ্বদিৰ পৰিয়ালক উক্ত সম্পত্তি জৈনৰ হাতত বজাৰ মূল্যত তুলি দিবৰ বাবে এক আদেশ প্ৰদান কৰিছিল ৷ অৱশ্যে উক্ত সম্পত্তিৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰাৰ অধিকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ হাতত দিয়া হৈছিল ৷
2019 চনৰ 24 ডিচেম্বৰত ন্যায়াধীশ ৰাজীৱ সাহাই ৰুশ্বদিৰ পৈতৃক সম্পত্তিৰ মূল্য 130 কোটি বুলি নিৰ্ধাৰণ কৰিছিল ৷ দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্ধাৰণ কৰা এই মূল্যত অসন্তুষ্টি ব্যক্ত কৰি ভিকুৰাম জৈনৰ পুত্ৰ নৰেন্দৰ জৈন বৰ্তমান আদালতৰ কাষ চাপিছে ৷
উল্লেখ্য যে বুকাৰ বঁটা বিজয়ী ৰুশ্বদিৰ পিতৃ অনিচ আহমেদ ৰুশ্বদিয়ে ভিকু ৰাম জৈনৰ ঘৰটো 3.75 লাখ টকাত বিক্ৰি কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল ৷ ইয়াৰ পাছতে দুয়োটা পৰিয়ালে চুক্তিৰ চৰ্তাৱলীক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰি বিতৰ্কত সোমাই পৰে ৷
লগতে পঢ়ক:চীনৰ আগ্ৰাসনকলৈ প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন ৰাহুল গান্ধীৰ