ETV Bharat / bharat

নিজামুদ্দিন দৰগাহৰ স্পষ্টীকৰণৰ প্ৰয়াস, ক'লে ভংগ কৰা নাই নিৰ্দেশনা - জামাতৰ ধৰ্মীয় সভা

মহামাৰী কোভিড 19 ৰ অভিকেন্দ্ৰ হিচাপে চৰ্চিত হোৱা দিল্লীৰ নিজামুদ্দিন দৰগাহৰ স্পষ্টীকৰণৰ প্ৰয়াস । দৰগাহ কতৃপক্ষই কলে যে, তেওঁলোকে ভংগ কৰা নাই লক ডাউনৰ নিয়ম, কেৱল আশ্ৰয়হে প্ৰদান কৰিছে লক ডাউনত ঘৰলৈ যাব নোৱাৰি আবদ্ধ হৈ থকা লোক সকলক ।

নিজামুদ্দিন দৰগাহৰ স্পষ্টীকৰণৰ প্ৰয়াস, ক'লে ভংগ কৰা নাই নিৰ্দেশনা

author img

By

Published : Apr 1, 2020, 11:25 AM IST

Updated : Jun 28, 2022, 3:14 PM IST

নতুন দিল্লী, 1 এপ্ৰিলঃ ভাৰতৰ ছখন ৰাজ্যই কোভিড-19 পজিটিভ কেচ পোৱাৰ পিচতেই দিল্লীৰ টবলিঘী জামাতৰ ধৰ্মীয় সভাত অংশলবলৈ নিজামুদ্দিন দৰগাহলৈ যোৱা বহু লোকলৈ কোভিড-19 ৰোগ সোচৰাটো নিশ্চিত হৈছিল । তাৰ পিছতেই এই সম্পৰ্কে নিজামুদ্দিন দৰগাহৰ কৰ্তৃপক্ষই স্পষ্টীকৰণ দিবলৈ চেষ্টা কৰিছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যন্দৰ জৈনে প্ৰকাশ কৰা অনুসৰি দৰগাহত থকা 1,034 জন লোকৰ ভিতৰত 334 জনক সিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু 700 জনক কোৱাৰণ্টাইনত ৰখা হৈছে । তাৰে ভিতৰত দৰগাহৰ ধৰ্মীয় সভাত অংশ লোৱা 24 জন লোকৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাচ পজিটিভ ।

এই ঘটনাৰ পিচতেই সকলোৰে মনত উত্থাপিত হৈছিল প্ৰশ্ন যে, এনে সসয়ত সমাগম কিয় আয়োজন কৰিছিল নিজামুদ্দিন দৰগাহত । সেয়ে দৰগাহৰ ফালৰ পৰা স্পষ্টীকৰণ দিব বিছাৰি প্ৰকাশ কৰিছে যে, প্ৰধান মন্ত্ৰীয়ে জনতাৰ সান্ধ্যআইন দিয়াৰ পাচত তেওঁলোকে অনুষ্ঠান আধাতে সামৰে । কিন্তু বিভিন্ন ৰাজ্যত লক ডাউন কৰাৰ লগতে ৰে'লৰ চলাচল বন্ধ হোৱা বাবে তাত থকা লোক সকল তাতেই আবদ্ধ হৈ পৰে, যাৰ বাবে দৰগাহত কেৱল তেওঁলোকক আশ্ৰয়হে দিছিল ।

নিজামুদ্দিনৰ ধৰ্মীয় সভালৈ দেশৰ ভিন্ন প্ৰন্তৰ পৰা লোক অহাৰ লগতে বহু বেদেশী লোকৰো আগমন ঘটিছিল । তাত থকা কোনো লোক কোভিড-19 ত আক্ৰান্ত আছিল, যাৰ ফলত এই অনুষ্ঠানত যোৱা বহু লোকলৈ এই মহামাৰী বিয়পি পৰিছে ।

Last Updated : Jun 28, 2022, 3:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.