ETV Bharat / bharat

White House Dinner Menu for PM Modi : হোৱাইট হাউছত প্ৰধানমন্ত্ৰীৰ খাদ্য তালিকাত মেৰিনেটেড মিলেট, বিশেষ কাঠফুলা

author img

By

Published : Jun 22, 2023, 2:30 PM IST

উদ্ভিদজাত খাদ্যৰ ৰন্ধনপ্ৰণালীত বিশেষজ্ঞ কেলিফোৰ্ণিয়াস্থিত চেফ নীনা কাৰ্টিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আয়োজিত নৈশভোজৰ বাবে এক আকৰ্ষণীয় নিৰামিষ মেনু তৈয়াৰ কৰিবলৈ হোৱাইট হাউছৰ কৰ্মচাৰীৰ সৈতে কাম কৰিছে ।

White House Dinner Menu for PM Modi
White House Dinner Menu for PM Modi

নিউজ ডেস্ক, ২২ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে । তেওঁৰ বাবে হোৱাইট হাউছত আয়োজন কৰা হৈছে নৈশভোজৰ । উক্ত নৈশভোজত প্ৰধানমন্ত্ৰীৰ সৈতে আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ৪০০ জন অতিথি । প্ৰধানমন্ত্ৰী মোদী তথা এই অতিথিসকলৰ বাবে প্ৰস্তুত কৰা খাদ্য তালিকাত আছে মেৰিনেট কৰা মিলেট, কৰ্ণ কাৰ্ণেল চালাড আৰু বিশেষ কাঠফুলা । প্ৰধানমন্ত্ৰী নিৰামিষভোজী হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ফাৰ্ষ্ট লেডী জিল বাইডেনে বুধবাৰে কয় যে তেওঁ উদ্ভিদজাত ৰন্ধন প্ৰণালীত বিশেষজ্ঞ চেফ নীনা কাৰ্টিছক হোৱাইট হাউছৰ কৰ্মচাৰীৰ সৈতে কাম কৰিবলৈ আৰু এক উৎকৃষ্ট নিৰামিষ খাদ্য সম্ভাৰ প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

অৱশ্যে অতিথিসকলে তেওঁলোকৰ মুখ্য খাদ্য সম্ভাৰত মাছ গ্ৰহণৰো বিকল্প থাকিব । বৃহস্পতিবাৰে হোৱাইট হাউছৰ ছাউথ লনত ৰাষ্ট্ৰীয় নৈশভোজ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ।

উল্লেখ্য, মোদীয়ে বৃহস্পতিবাৰে নিউয়ৰ্কৰ পৰা আহি ৱাশ্বিংটনত উপস্থিত হয় । বুধবাৰে তেওঁ নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ এক ঐতিহাসিক অনুষ্ঠানৰ নেতৃত্ব দিয়ে । উক্ত অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ বিষয়া, কূটনীতিবিদ আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰপতি জো বাইডেন আৰু আমেৰিকান ফাৰ্ষ্ট লেডীৰ আমন্ত্ৰণত ২১-২৪ জুনলৈ আমেৰিকা ভ্ৰমণত আছে ।

আনহাতে, জো বাইডেনৰ পত্নী জিল বাইডেনে কয় যে হোৱাইট হাউছৰ ছাউথ লনত বিশেষভাৱে সজোৱা পেভিলিয়নত নৈশভোজনৰ বাবে ৪ শতাধিক অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । ষ্টেট ডিনাৰৰ প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত থাকিব মেৰিনেট কৰা মিলেট (marinated millet), গ্ৰিল কৰা কৰ্ণ কাৰ্ণেল চালাড (grilled corn kernel salad), বিশেষভাৱে প্ৰস্তুত কৰা তৰমুজ (compressed watermelon) আৰু এবিধ টেঙা এভোকাডো চচ (tangy avocado sauce) । আনহাতে, মুখ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত থাকিব বিশেষভাৱে প্ৰস্তুত কৰা কাঠফুলা আৰু এক ক্ৰীমযুক্ত কেশৰ-সঞ্চাৰিত ৰিছ'টো (creamy saffron-infused risotto) ।

ইয়াৰ উপৰি অনুৰোধৰ ওপৰত ভিত্তি কৰি অতিথিসকলক খাদ্য তালিকা অনুসৰি অনুসৰি চুমাক-ভজা সাগৰীয় বছ (sumac-roasted sea bass), লেমন-ডিল য়ুগাৰ্ট চচ (lemon-dill yogurt sauce), ক্ৰিছপড মিলেট কেক (crisped Millet cakes) আৰু গ্ৰীষ্মকালীন স্কোৱাছ (summer squashes) পৰিবেশন কৰা হ'ব । মিঠাইৰ ভিতৰত আছে গোলাপ আৰু ইলাচিযুক্ত ষ্ট্ৰবেৰী শ্বৰ্টকেক (rose and cardamom-infused strawberry shortcake) । তালিকাত থকা ৱাইনৰ ভিতৰত আছে ষ্ট'ন টাৱাৰ চাৰ্ডোনয় 'কৃষ্টি' ২০২১ (Stone Tower Chardonnay 'Kristi' 2021), পেটেল ৰেড ব্লেণ্ড ২০১৯ (PATEL Red Blend 2019) আৰু ডমেইন কাৰনেৰোচ ব্ৰুট ৰ'জ (Domain Carneros Brut Rose) ।

আনহাতে, কেলিফোৰ্ণিয়াস্থিত চেফ কাৰ্টিছে এই সন্দৰ্ভত কয়, "ফাৰ্ষ্ট লেডীৰ সৈতে কাম কৰিবলৈ পোৱাটো আৰু তেওঁৰ ৰন্ধন দৃষ্টিভংগীক সজীৱ কৰাত সহায় কৰাটো সঁচাকৈয়ে আনন্দৰ বিষয়... আমি এখন খাদ্যতালিকা প্ৰস্তুত কৰিছোঁ, যিয়ে সঁচাকৈয়ে আমেৰিকান ৰন্ধন প্ৰণালীৰ সৰ্বশ্ৰেষ্ঠখিনি প্ৰদৰ্শন কৰিব আৰু তাৰ লগত থাকিব ভাৰতীয় উপাদান আৰু সোৱাদৰ অনন্য অভিজ্ঞতা ।"

"ভাৰতে আন্তৰ্জাতিক মিলেট বৰ্ষ উদযাপনৰ প্ৰচেষ্টাত নেতৃত্ব দিয়াৰ বাবেও আমি অতি উৎসাহিত । আমি আমাৰ খাদ্যতালিকাত মেৰিনেট কৰা মিলেট আৰু সমগ্ৰ খাদ্য তালিকাত ভাৰতীয় ৰন্ধন প্ৰণালীৰ উপাদানবোৰ অন্তৰ্ভুক্ত কৰিছোঁ ।" চেফগৰাকীয়ে কয় । ইফালে হোৱাইট হাউছৰ সামাজিক সচিব কাৰ্লোছ এলিজণ্ডোৱে ৰাষ্ট্ৰীয় নৈশভোজৰ পূৰ্বলোকন কৰি কয় যে ফাৰ্ষ্ট লেডী প্ৰতিটো পদক্ষেপতে এই অনুষ্ঠানত জড়িত হৈ আছে ।

লগতে পঢ়ক :PM Modi US Visits : White Houseত বাইডেন দম্পতীয়ে সম্ভাষণ জনালে মোদীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.