ETV Bharat / bharat

Margadarsi Chit Fund celebrates 60 years : মধ্যবিত্ত শ্ৰেণীৰ সফলতাৰ আঁৰত মাৰ্গদৰ্শী চিট ফাণ্ড

দেশৰ শীৰ্ষ উদ্যোগপতিৰ অন্যতম ৰামোজী ৰাৱৰ সৃষ্টি তথা দক্ষিণ ভাৰতত অতি জনপ্ৰিয় মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেডৰ (Margadarsi Chit Fund) ৬০ বছৰ সম্পূৰ্ণ । প্ৰতিষ্ঠানটোৱে ব্যাপকভাৱে উদযাপন কৰিছে এই বিশেষ ক্ষণ । প্ৰতিষ্ঠানটোৰ সফলতাৰ বিষয়ে উল্লেখ কৰিলে মাৰ্গদৰ্শী চিট ফাণ্ডৰ পৰিচালন সঞ্চালিকা চাইলাজা কিৰনে ।

author img

By

Published : Oct 1, 2022, 11:12 AM IST

Margadarsi Chit Fund celebrates 60 years
মধ্যবিত্ত শ্ৰেণীৰ সফলতাৰ আঁৰত মাৰ্গদৰ্শী চিট ফাণ্ড

নেশ্যনেল ডেস্ক,১ অক্টোবৰ : ৬০ বছৰ সম্পূৰ্ণ কৰিলে দেশৰ শীৰ্ষ চিট ফাণ্ড প্ৰতিষ্ঠান মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেডে (Margadarsi Chit Fund completes 60 years)। অন্ধ্ৰ প্ৰদেশত বিশিষ্ট উদ্যোগপতি ৰামোজী ৰাৱে স্থাপন কৰা এই প্ৰতিষ্ঠানটোৱে কেইবা দশকধৰি মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ আৰ্থিক সমস্যা সমাধানৰ বাবে কাম কৰি আহিছে (Margadarsi Chit Fund in Andhra Pradesh)। লগতে ঘৰে ঘৰে এতিয়া জনপ্ৰিয় নাম হৈছে পৰিছে এই মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেড ।

৬০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰা প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালিকা চাইলাজা কিৰনে উল্লেখ কৰা মতে সেই সময়ত ৰামোজী ৰাৱে লোৱা সিদ্ধান্তৰ বাবে আজি তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত যথেষ্ট প্ৰচলিত চিট ফাণ্ড প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈছে এই মাৰ্গদৰ্শী প্ৰতিষ্ঠান (Margadarsi Chit Fund of Ramoji Rao)। সমাজৰ সকলো শ্ৰেণীৰ লোকে মাৰ্গাদৰ্শী চিট ফাণ্ডৰ অংশীদাৰ হৈছে । লগতে ইয়াৰ জৰিয়তে তেওঁলোকৰ সপোন আৰু লক্ষ্যবোৰ বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে চাইলাজা কিৰনে ।

বেতনভোগী কৰ্মচাৰী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী, বৃহৎ ব্যৱসায়ৰ মালিক সকলোৰে প্ৰয়োজনীয়তা বেলেগ বেলেগ হ'ব পাৰে । তথাপিও তেওঁলোকৰ সঞ্চয়ৰ জনপ্ৰিয় পছন্দ নিঃসন্দেহে মাৰ্গদৰ্শী বুলি উল্লেখ কৰে চাইলাজা কিৰনে । তেওঁ লগতে কয় যে প্ৰতিষ্ঠানটোৱে ব্যৱহাৰ কৰা ধন ৰাইজৰ আৰু প্ৰতিষ্ঠানটোৱে কেৱল ইয়াক নিয়ন্ত্ৰণ হে কৰি আছে । আনহাতে গ্ৰাহকক সকলো পৰিশোধ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

সঞ্চালিকাগৰাকীয়ে জনোৱা মতে চিট ফাণ্ড প্ৰতিষ্ঠানটোৰ গ্ৰাহকৰ সংখ্যা ৬০ লাখতকৈও অধিক (Margadarsi Chit Fund total customer) আৰু তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত ১০৮ টা শাখাৰ সৈতে মুঠ ৪,৩০০ গৰাকী কৰ্মচাৰী আছে ।

কিৰনে উল্লেখ কৰা মতে চিট ফাণ্ড উদ্যোগত সফলতাৰ চাবিকাঠি হৈছে এক মসৃণ পুনৰুদ্ধাৰ হাৰ (recovery rate) প্ৰদান কৰা । পুনৰুদ্ধাৰ কেৱল সঠিক নথিপত্ৰৰ জৰিয়তে হে কৰিব পাৰি । যিহেতু প্ৰতিষ্ঠানটোৱে গ্ৰাহকক ৰাজহুৱা ধন বিতৰণ কৰে সেয়েহে তেওঁলোকে নিশ্চিত কৰে যে সঠিক জামানত আৰু সুৰক্ষিতকৰণ কৰা হৈছে নে নাই । এই বিশেষ দিনটোত প্ৰতিষ্ঠানটোক আগুৱাই লৈ যোৱাত সহায় কৰা প্ৰতিটো দল আৰু মাৰ্গদৰ্শীৰ প্ৰতিজন সদস্যৰ লগতে গ্ৰাহকক ধন্যবাদ জ্ঞাপন কৰে সঞ্চালিকাগৰাকীয়ে ।

ৰামোজী ৰাৱৰ মাৰ্গদৰ্শনেৰে দূৰদৰ্শী ধাৰণা আৰু নীতিৰ দ্বাৰা উদগনি লাভ কৰি গ্ৰাহক সুলভ আচৰণ আৰু সহকৰ্মীৰ এক সমৰ্পিত দলে মাৰ্গদৰ্শীক আজিৰ এই পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে প্ৰতিজন গ্ৰাহকৰ বিশ্বাস বজাই ৰখা আৰু এটা সুখৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ প্ৰতিষ্ঠানটো ।

লগতে পঢ়ক :ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰক : ইন্দিৰা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.