ETV Bharat / bharat

Naxalite attack: চত্তিশগড়ত নক্সালবাদীৰ আক্ৰমণত 10 আৰক্ষী জোৱান নিহত - Naxalite attack in Dantewada

চত্তিশগড়ৰ দান্তেৱাৰাৰ অন্তৰপুৰত আৰক্ষী আৰু নক্সালবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ ৷ নক্সালবাদীৰ IED বিস্ফোৰণত 10 গৰাকী আৰক্ষী জোৱান নিহত হয় (10 soldiers martyred) ৷

Maoist attack in Dantewada seven soldiers martyred
নক্সালবাদীৰ বিস্ফোৰণত 10 আৰক্ষী জোৱান নিহত
author img

By

Published : Apr 26, 2023, 3:38 PM IST

Updated : Apr 26, 2023, 4:12 PM IST

নিউজ ডেস্ক, 26 এপ্ৰিল: চত্তিশগড়ৰ দান্তেৱাৰাৰ জিলাৰ অন্তৰপুৰত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা (Naxalite attack in Dantewada)৷ নক্সালবাদীৰ IED বিস্ফোৰণত 10 গৰাকী আৰক্ষী জোৱান নিহত হয় ৷ অঞ্চলটোত এতিয়াও অব্যাহত আছে আৰক্ষী আৰু নক্সালবাদীৰ আক্ৰমণ (10 soldiers martyred) ৷ জিলা সুৰক্ষা বাহিনীৰ এটা দল কঢ়িয়াই অনা এখন বাহনলৈ লক্ষ্য কৰি আইইডিটো বিস্ফোৰণ ঘটাই নক্সালবাদীয়ে ৷

নিহত নিৰাপত্তাকৰ্মীসকল জিলা সুৰক্ষা বাহিনী (ডিআৰজি)ৰ জোৱান আছিল ৷ এই জিলা সুৰক্ষা বাহিনী হৈছে নক্সাল বিৰোধী অভিযান চলাবলৈ প্ৰস্তুত কৰা ৰাজ্যিক বাহিনী ৷

"এই বিস্ফোৰণটো IED ৰ দ্বাৰা সংঘটিত হৈছিল ৷ জিলা সুৰক্ষা বাহিনীৰ এটা দলে নক্সালৰ বিৰুদ্ধে অভিযান চলাই আছিল ৷ দান্তেৱাৰাৰ আৰণপুৰ অঞ্চলত মাওবাদী কেডাৰৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত নক্সাল বিৰোধী অভিযানৰ বাবে যোৱা জিলা সুৰক্ষা বাহিনীৰ এখন বাহনত হোৱা বিস্ফোৰণৰ ফলত 10 গৰাকী আৰক্ষী জোৱানসহ বাহনখনৰ চালক নিহত হয় ৷ এখন এই ঘটনা অন্তত্য দুখজনক ৷ শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ এয়া যুঁজৰ অন্তিম পৰ্যায় ৷ নক্সালক এৰি দিয়া নহ'ব ৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ৰাজ্যবাসীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক ৷ " এই ঘটনাৰ পিচতে চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে টুইটযোগে এই কথা প্ৰকাশ কৰে (Chhattisgarh CM Bhupesh Baghel tweet ) ৷

এই ঘটনাৰ পিচতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেলৰ সৈতে ফোনযোগে কথা পাতি ঘটনাটোৰ সন্দৰ্ভত বুজ লয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰই ৰাজ্য চৰকাৰক পৰ্যাপ্ত সকলো সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে (Amit Shah on IED bomb blast) ৷

চত্তিশগড়ৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে (Governor Biswabhusan Harichandan on IED Blast) দান্তেৱাৰা জিলাৰ আৰণপুৰ অঞ্চলত নক্সালবাদীৰ বোমা বিস্ফোৰণত আৰক্ষী কৰ্মীৰ বলিদানত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ ৰাজ্যপালগৰাকীয়ে এই ঘটনাটোক তীব্ৰ গৰিহণা দি কয় যে, নক্সালৰ দেশবিৰোধী পৰিকঢ়া অভিপ্ৰায় কেতিয়াও সফল নহয় ৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমন্বিতভাৱে নক্সালবাদ নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক: Protest at tea estate: চাহ বাগিচাৰ মহিলা শ্ৰমিকক অনৈতিক কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ কৰ্মচাৰীৰ বিৰুদ্ধে

ইফালে নক্সাল অভিযানৰ সৈতে জড়িত বিশেষজ্ঞসকলে কয় যে, সম্প্ৰতি সময়ত নক্সালবাদীসকলৰ অতি সক্ৰিয় হৈ পৰিছে ৷ এই সময়ত নক্সালে নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে ৷

Last Updated : Apr 26, 2023, 4:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.