ETV Bharat / bharat

Road Accidents: মহাৰাষ্ট্ৰত পথ দুৰ্ঘটনাত নিহত এক; আহত ৩৬

author img

By

Published : Jul 12, 2023, 11:27 AM IST

মহাৰাষ্ট্ৰত নিশা দুটা পৃথক স্থানত দুখনকৈ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত এগৰাকী মহিলাসহ প্ৰায় ৩৬ জন যাত্ৰী আহত হয় ৷ আহতসকলক সম্প্ৰতি চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত ৷

Road Accidents
মহাৰাষ্ট্ৰত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১২ জুলাই: মহাৰাষ্ট্ৰত মঙলবাৰে নিশা দুটাকৈ পৃথক স্থানত সংঘটিত দুটা ভয়াবহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ সপ্তশ্ৰুঙ্গী গড়ৰ পৰা এখন যাত্ৰীবাহী বাছ ৪০০ ফুট গভীৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত এগৰাকী মহিলা যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১৮ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

প্ৰাথমিক তথ্য মতে, দুৰ্ঘটনাগ্ৰস্ত বাছখনত ২০ ৰ পৰা ২৫ জন যাত্ৰী আছিল । বাছখন সপ্তশ্ৰুঙ্গি গড়ৰ পৰা খামগাওঁ অভিমুখে গৈ থকা সময়তে গণপতি পইন্ট ঘাটৰ খাৱৈত পৰে ৷ এই দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলৰ লগতে সপ্তশ্ৰুঙ্গি দেৱী ট্ৰাষ্টৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

ইফালে এই দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে নাছিকৰ অভিভাৱক মন্ত্ৰী দাদা ভূছে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । অভিভাৱক মন্ত্ৰী দাদা ভুছেয়ে আহতসকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ।

ইফালে মহাৰাষ্ট্ৰ ছত্ৰপতি সম্ভাজী জিলাৰ ফুলুমব্ৰী আৰক্ষী থানা এলেকাৰ সম্ৰুদ্ধি এক্সপ্ৰেছৱেত এখন ট্ৰাক আৰু ট্ৰেভেলছ বাছৰ দুৰ্ঘটনাত প্ৰায় ১৮ জন যাত্ৰী আহত হয় ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, বুধবাৰে পুৱা এম এইচ ২১ বিএইচ ৩৫১৬ নম্বৰৰ এখন ট্ৰাক (ট্ৰেইলাৰ) দ্বিতীয় লেনত জালনাৰ পৰা চুৰাটলৈ যাত্ৰা কৰি থকা সময়তে নাগপুৰৰ পৰা পুনেলৈ যাত্ৰা কৰা এম এইচ ৩৮ এক্স ৮০২৭ নম্বৰৰ বিলাসী বাছখনে ট্ৰাকখনক খুন্দা মাৰিছিল ।

দুৰ্ঘটনা সংঘটিত হোৱা সময়তে বাছখনত দুজন চালক আৰু এজন সহায়কাৰীসহ মুঠ ৩০ জন যাত্ৰী আছিল ৷ ইয়াৰে দহজন যাত্ৰী গুৰুতৰভাৱে আহত হয় আৰু আঠজন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হয় । তেওঁলোকক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি ঘটনাস্থলীত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Accidents on Samruddhi Expressway : বিগত ছমাহত সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে 88 জনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.