ETV Bharat / bharat

Horrific road accident: নিয়ন্ত্ৰণহীন টেংকাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে 9 জনে, আহত 3 জন

author img

By

Published : May 4, 2023, 4:17 PM IST

জয়পুৰৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথ ডুডুৰ সমীপৰ ৰামনগৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে (Terrible road accident in Rajasthan) ৷ এখন নিয়ন্ত্ৰণহীন টেংকাৰে মহতিয়াই লৈ গ’ল এখন অল্টো আৰু মটৰ চাইকেল ৷ এই পথ দুৰ্ঘটনাত মুঠ 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে 3 গৰাকী লোক আহত হৈছে ৷

9 people died in a horrific road accident in Jaipur
নিয়ন্ত্ৰণহীন টেংকাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে 9 জনে

নিউজ ডেস্ক, 4 মে’: ৰাজস্থানৰ জয়পুৰত শোকাৱহ পথ দুৰ্ঘটনা (Horrific road accident) ৷ বৃহস্পতিবাৰে সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত মুঠ 9 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (9 Died in road accident) ৷ ইয়াৰ বিপৰীতে এই পথ দুৰ্ঘটনাত 3 জন লোক আহত হৈছে (3 injured in road accident) ৷

এই ঘটনাৰ পিচতে দুৰ্ঘটনাস্থলীত আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা মৃতদেহসমূহ উলিওৱাৰ লগতে আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে (Terrible road accident in Rajasthan) ৷ সম্প্ৰতি, মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডুডুৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহকেইটা পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰা হ’ব।

ডুডুৰ এএছপি দীনেশ শৰ্মাই ঘটনা সন্দৰ্ভত কয় যে, দুৰ্ঘটনাটো 8 নং ৰাষ্ট্ৰীয় ঘাইপথ ডুডুৰ সমীপৰ ৰামনগৰ গাঁৱৰ ওচৰত সংঘটিত হৈছিল । টেংকাৰখনৰ টায়াৰ বিস্ফোৰণৰ ফলত অনিয়ন্ত্ৰিত টেংকাৰ এখন অল্টো গাড়ীখনৰ ওপৰত ওলোটাকৈ পৰিছিল । ইয়াৰোপৰি এখন বাইককো টেংকাৰখনে মহতিয়াই লৈ গৈছিল ৷ এই দুৰ্ঘটনাত মুঠ ৯ জন লোক নিহত হৈছে ৷ ইয়াৰ লগতে এই দুৰ্ঘটনাত অন্য তিনিজন লোকো আহত হৈছে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, টেংকাৰখনৰ খুন্দাত অল্টো বাহনখন চূড়মাৰ হৈ গৈছিল ৷ গাড়ীখনত আৱদ্ধ হৈ মৃতদহেকেইটা বহু কষ্টৰ মূৰত উলিয়াবলৈ সক্ষম হৈছিল ৷

এই শিহৰণকাৰী দুৰ্ঘটনাটোৰ পিচত ৰাষ্ট্ৰীয় ঘাইপথত দীঘলীয়া জাম হৈছিল । ইয়াৰ ফলত বাহনসমূহ পথটোত আৱদ্ধ হৈ পৰিছিল ৷ আৰক্ষীয়ে ক্ৰেইনৰ সহায়ত ক্ষতিগ্ৰস্ত বাহনসমূহ পথৰ পৰা আঁতৰাই পথটো মুকলি কৰি দিয়ে ৷ ক্ষতিগ্ৰস্ত অল্টো বাহনখনৰ লোকসকলে জিয়াৰাট কৰিবলৈ আজমেৰলৈ গৈ আছিল ৷ দুৰ্ঘটনাটোত মৃত্যু হোৱা সকলৰ ভিতৰত চাৰিজন পুৰুষ, দুজন মহিলা আৰু তিনিটা শিশুৰ মৃত্যু হয় । মৃতসকলৰ ভিতৰত হাছিনা, ইজৰাইল, মুৰাদ, ৰোহিনা, চাকিল আৰু চনুক চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: Wrestlers Protest at Jantar Mantar : যন্তৰ-মন্তৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.