ETV Bharat / bharat

নাছিকত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড: জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু 14 গৰাকীকৈ যাত্ৰী - নাছিকত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড

নাছিকত এখন ব্যক্তিগত যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে বাছখন দপদপাই জ্বলি উঠে (Private bus catches fire in Nashik)৷ বাছখনত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত বাছখনৰ চালকসহ 14 গৰাকী যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে (over 14 passengers burnt to death) ৷

Private bus catches fire in Nashik, over 14 passengers burnt to death
ব্যক্তিগত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড: জীৱন্তে অগ্নিদগ্ধ 14 গৰাকী
author img

By

Published : Oct 8, 2022, 7:44 AM IST

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ: মহাৰাষ্ট্ৰ নাছিকত পুৱাই ভয়ংকৰ অঘটন ৷ আজি অৰ্থাৎ শনিবাৰে পুৱা 8:20 বজাত নাছিক-ঔৰঙ্গাবাদ পথৰ হোটেল চিলি চকত এখন ব্যক্তিগত যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে বাছখন দপদপাই জ্বলি উঠে (Passenger bus fire in Nashik)৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত বাছখনৰ চালকসহ 14 গৰাকী যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে (over 14 passengers burnt to death) ৷

জানিব পৰামতে, শুকুৰবাৰে নিশা বাছখন যৱতমালৰ পৰা নাছিক অভিমুখে ৰাওনা হৈছিল আৰু বাছখনত ৩০ জনতকৈও অধিক যাত্ৰী আছিল । নাছিকৰ ঔৰঙ্গাবাদ ৰোডৰ হোটেল চিলি চকত এখন ট্ৰাকত বাছখনে খুন্দিয়াই ৷ ইয়াৰ পিছতে ট্ৰাকখনৰ ডিজেলৰ টেংকটোত বিস্ফোৰণ ঘটে আৰু জুইয়ে বাছখনক চানি ধৰাৰ ফলতেই এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷

লগে লগে বিস্ফোৰিত ডিজেলৰ টেংকটোৰ জুই বাছখনৰ ভিতৰলৈও বিয়পি পৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাছখনত থকা বহু যাত্ৰী টোপনিত আছিল ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত নাছিক আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে । ইফালে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷

লগতে পঢ়ক: মূৰত বন্দুক থৈ পাকিস্তান জিন্দাবাদ শ্লোগান দিবলৈ হিন্দু ছাত্ৰক হেঁচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.