ETV Bharat / bharat

পাঞ্জাৱৰ প্ৰতিটো পৰিয়াললৈ বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ

author img

By

Published : Apr 16, 2022, 2:21 PM IST

পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত (Punjab assembly election 2022) আম আদমি পাৰ্টীৰ মুখ্য প্ৰতিশ্ৰুতি আছিল ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ বিনামূলীয়া ৩০০ ইউনিট বিদ্যুৎ । এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে পাঞ্জাৱ চৰকাৰ । ৰাজ্যজুৰি তীব্ৰ কৌতূহল ।

Punjab
পাঞ্জাৱৰ প্ৰতিটো পৰিয়াললৈ বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : নিৰ্বাচনৰ (Punjab assembly election 2022) পূৰ্বে পাঞ্জাৱৰ জনাসাধাৰণক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল আম আদমী পাৰ্টীয়ে । নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ গুৰু দায়িত্ব আহি পৰিছে আম আদমী পাৰ্টী চৰকাৰৰ ওপৰত । নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত প্ৰধান আৰু মুখ্য আছিল প্ৰতিটো পৰিয়াললৈ বিনামূলীয়া ৩০০ ইউনিট বিদ্যুৎ (AAP promises free 300 units electricity in Punjab)।

জানিব পৰা মতে শনিবাৰে এই প্ৰতিশ্ৰুতি পূৰণৰ বৃহৎ ঘোষণা কৰাৰ সম্ভাৱনা আছে (CM Mann to announce free electricity in Punjab)। কিয়নো শেহতীয়াকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দলৰ সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিছিল । তেওঁলোকে এই প্ৰতিশ্ৰুতি সম্পৰ্কে আলোচনা কৰা বুলি এক চৰ্চা চলিছিল ।

তেতিয়াৰ পৰাই ৰাজ্যখনত বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি আছিল । ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে বহু শীৰ্ষ বিষয়াৰ সৈতেও বৈঠকত বহিছিল । ইফালে আপৰ চৰকাৰক বিৰোধী দলসমূহে বিভিন্ন ধৰণৰ সমালোচনা কৰা দেখা গৈছে । একাংশৰ অভিযোগ মতে পাঞ্জাৱ চৰকাৰক দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰি থকা হৈছে । যাৰ বাবে চৰকাৰে মুক্তভাৱে কাম কৰিব নোৱাৰে ।

লগতে পঢ়ক : Nadia rape case : মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে তৃণমূল কংগ্ৰেছৰ ভিতৰচ'ৰাত অসন্তুষ্টি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.