নেশ্যনেল ডেস্ক,২৬ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ এক বিশেষ ভিডিঅ' বাৰ্তা । অসমৰ ৰাইজক বুদ্ধিমানভাৱে ভোট প্ৰদান কৰি উপযুক্ত চৰকাৰ নিৰ্বাচিত কৰিবলৈ আহ্বান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ । ভিডিঅ'টোত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযাগ কৰা মতে সম্প্ৰতি অসমখন ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ আধাৰত কেইবাটাও ভাগত বিভক্ত হৈছে ।
অসমৰে এজন নাগৰিক হিচাপে ৰাইজৰ লগত কথা পাতি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে আকৌ এবাৰ বিধানসভা নিৰ্বাচনত ভোটগ্ৰহণ কৰাৰ সময় আহিছে । সেয়ে ৰাইজে বিবেকেৰে ভোট দিব লাগিব । কিয়নো অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি বিদ্ৰোহ আৰু অস্থিৰতাৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কথা উল্লেখ কৰি তেওঁ কয় যে তৰুণ গগৈৰ নেতৃত্বত অসমত শান্তি আৰু বিকাশৰ দিশত নতুন আৰম্ভণি হৈছিল, কিন্তু এতিয়া অসম অতি গুৰুতৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ।
ড৹ মনমোহন সিঙে ভিডিঅ'টোত উল্লেখ কৰা মতে সমাজখনক ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ আধাৰত বিভক্ত কৰা হৈছে । সাধাৰণ মানুহৰ মৌলিক অধিকাৰ অশ্বীকাৰ কৰা হৈছে লগতে অসমত এতিয়া উত্তেজনা আৰু ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে বুলিও মন্তব্য কৰে ড০ সিঙে ।
যিহেতু ড৹ মনমোহন সিঙে ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ ২৮ বছৰৰ বাবে ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল সেয়ে অসমক তেওঁ নিজৰ 'দ্বিতীয় ঘৰ' বুলি অবিহিত কৰিছে । বাৰ্তাটোত তেওঁ উল্লেখ কৰা মতে অসমৰ বাবেই পাঁচ বছৰৰ বাবে বিত্তমন্ত্ৰী আৰু তাৰ পিছত ১০ বছৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেশক সেৱা কৰাৰ সুযোগ লাভ কৰিছে ।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ'টোত বিজেপি চৰকাৰক সমালোচনা কৰা দেখা গৈছে । বিজেপি চৰকাৰৰ পৰিকল্পনা বিহীন বিমুদ্ৰাকৰণ আৰু সঠিকভাৱে ৰূপায়ণ নকৰা জিএছটিয়ে দেশৰ অৰ্থনীতিক দুৰ্বল কৰিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । কেৱল এয়াই নহয় বিজেপি চৰকাৰৰ দিনত লাখ লাখ পুৰুষ-মহিলাই জীৱিকা হেৰুৱাইছে বুলিও তেওঁ অভিযোগ কৰে । "পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে প্ৰতিগৰাকী নাগৰিকৰে জীৱনত প্ৰভাৱ পেলাইছে "। দৰিদ্ৰসকল আৰু অধিক দৰিদ্ৰ হৈ পৰিছে আৰু কৰ'ণা পৰিস্থিতিৰ বাবে এই ক্ষেত্ৰত অধিক অৱনতি হোৱা বুলিও ড০ মনমোহন সিঙে মন্তব্য কৰে ।
সেয়ে অসমৰ ৰাইজক ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ নীতিবোৰ পালন কৰা চৰকাৰক ভোট দিবলৈ আহ্বান জনাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে প্ৰতিজন নাগৰিক আৰু প্ৰতিটো সম্প্ৰদায়ৰ কথা চিন্তা কৰা চৰকাৰকহে ভোট দিয়াটো প্ৰয়োজন । অসমক শান্তি আৰু বিকাশৰ পথত আগুৱাই লৈ যোৱা চৰকাৰক ভোট দিবলৈ তেওঁ অতি দৃঢ়ভাৱে ৰাইজক আহ্বান জনায় ।
কংগ্ৰেছ দলৰ সমৰ্থনত ড০ মনমোহন সিঙে কয় যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেনেহলে 'কা' ৰূপায়ণ কৰা নহ'ব আৰু ইয়াক বাতিল কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলোৱা হ'ব । তেওঁ দাবী কৰা মতে অসমৰ অনন্য ভাষা, সংস্কৃতি আৰু ইতিহাস সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কংগ্ৰেছ দল ।