ETV Bharat / bharat

Sisodiya in ED custody: 17 মাৰ্চলৈকে ইডিৰ জিম্মাত থাকিব মনীষ চিছোদিয়া

author img

By

Published : Mar 10, 2023, 5:42 PM IST

প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাই দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ৷ 17 মাৰ্চ তাৰিখলৈকে ইডিৰ জিম্মাত থাকিব চিছোদিয়া ৷ আদালতে দিলে এই নিৰ্দেশ (Manish Sisodia sent to ED custody) ৷

Sisodiya in ED custody
ইডিৰ জিম্মাত থাকিব মনীষ চিছোদিয়া

নিউজ ডেস্ক, 10 মাৰ্চ: শুকুৰবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত প্ৰৱৰ্তন সঞ্চালকালয়ে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ১০ দিনৰ জিম্মাত বিচাৰিছিল ৷ ইডিয়ে আদালতক অৱগত কৰে যে চিছোদিয়াই আনৰ পৰিচয় ব্যৱহাৰ কৰি ছিম কাৰ্ড আৰু মোবাইল ফোন ক্ৰয় কৰিছিল । বিশেষ আদালতত যুক্তি দি ইডিয়ে লগতে কয় যে চিছোদিয়াৰ উত্তৰ গোচৰটোত প্ৰশ্ন কৰা আনসকলে দিয়া বক্তব্যৰ বিপৰীত (ED produces AAP leader Manish Sisodia) ।

ইডিয়ে আদালতক অৱগত কৰে যে, বিজয় নায়াৰে আনসকলৰ সৈতে যুগুত কৰা আবকাৰী নীতি ফ্ৰেমৱৰ্কৰ আঁৰত ষড়যন্ত্ৰ আছে । ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে, পাইকাৰী খুচুৰা বিক্ৰেতাসকলে যাতে অসাধাৰণ লাভৰ হাৰ লাভ কৰিব পাৰে তাৰ বাবে আবকাৰী নীতি উলিয়াই অনা হৈছে । ইডিয়ে কয় যে, ব্যক্তিগত প্ৰতিষ্ঠানৰ পাইকাৰী লাভৰ ১২ শতাংশ মাৰ্জিন সন্দৰ্ভত চৰকাৰৰ বৈঠকত কেতিয়াও আলোচনা কৰা হোৱা নাছিল (Manish Sisodia produced in court by ED) ।

বিজয় নায়াৰ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ কন্যা কে কবিতাৰ মাজত হোৱা বৈঠক সন্দৰ্ভতো দিল্লী আদালতক অৱগত কৰে ইডিয়ে । ইডিয়ে উল্লেখ কৰে যে, অভিযুক্ত বুটচিবাবু গোৰাণ্টলাই জেৰাৰ সময়ত প্ৰকাশ কৰে যে, তেতিয়াৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু কে কবিতাৰ মাজত ৰাজনৈতিক বুজাবুজি আছিল ৷ যিয়ে বিজয় নায়াৰকো সাক্ষাৎ কৰে । বুটচিবাবু কে কবিতাৰ প্ৰাক্তন অ’ডিটৰ আৰু বৰ্তমান জামিনত আছে (ED produces Manish Sisodia in court) ।

আনহাতে, চিছোদিয়াৰ অধিবক্তাই ইডিৰ আবেদনৰ বিৰোধিতা কৰি কয় যে, কেইবাটাও স্তৰৰ মাজেৰে যোৱা নীতি নিৰ্ধাৰণ কৰাটো কাৰ্যবাহীৰ কাম । এই নীতি দিল্লীৰ এল জি আৰু অন্যান্যই গ্ৰহণ কৰাৰ বাবে কাৰ্যবাহীয়ে নিশ্চয় পৰীক্ষা কৰিছিল বুলি চিছোডিয়াৰ অধিবক্তাই যুক্তি আগবঢ়ায় । ইডিয়ে ধন সৰবৰাহৰ গোচৰত নীতি নিৰ্ধাৰণৰ বিষয়ে কেনেকৈ চাব পাৰে বুলিও তেওঁ প্ৰশ্ন কৰে (Sisodiya in ED custody)।

লগতে পঢ়ক: ED to seek Manish custody : এইবাৰ মণীষ ছিছোডিয়াৰ জিম্মা বিচাৰিছে ইডিয়ে

ইডিয়ে চিছোদিয়াৰ পৰা এই ঘটনাৰ সৈতে জড়িত এটকাও পোৱা নাই বুলি কয় মনিষ চিছোদিয়াৰ অধিবক্তাই ৷ তেওঁ কয় যে, তদন্তকাৰী সংস্থাটোৱে সম্পূৰ্ণৰূপে শুনা কথাৰ ভিত্তিত গোচৰটো পঞ্জীয়ন কৰিছে । পিএমএলএক ‘ড্ৰেকনিয়ান’ বুলি অভিহিত কৰি তেওঁ আৰু কয় যে, আপৰ ছেকেণ্ড ইন কমাণ্ডজনক কেৱল জেলত ৰখাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে । এনে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আদালতে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলিও তেওঁ কয় (Manish Sisodia news update) ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ধন সৰবৰাহৰ বিৰোধী সংস্থাটোৱে দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত এটা গোচৰত চিছোদিয়াক গ্ৰেপ্তাৰ কৰে । ইয়াৰ ফলত চিছোদিয়াৰ বাবে পৰিস্থিতি জটিল হৈ পৰিছে ৷ তেওঁৰ চিবিআইৰ জামিন আবেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰাৰ কথা আছিল । ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল আপৰ দ্বিতীয় ইনকমাণ্ডজনক (Manish Sisodia arrested)।

চিছোদিয়াই বৃহস্পতিবাৰে সন্ধিয়া ‘শিক্ষাৰ ৰাজনীতি’ বনাম ‘কাৰাগাৰৰ ৰাজনীতি’ৰ ওপৰতো এখন মুকলি পত্ৰ লিখি অভিযোগ কৰে যে, গেৰুৱা দলটোৱে ‘শিক্ষাৰ ৰাজনীতি’ৰ সমস্যাটো হ’ল ই “নেতা নহয়, জাতি গঢ়ি তোলে” । চিছোদিয়াই লিখিছে, "শিশুক গুণগত শিক্ষা দিয়াতকৈ ৰাজনৈতিক বিৰোধীক জেলত পঠোৱাতো বহুত সহজ । শিক্ষাৰ ৰাজনীতিৰ ক্ষেত্ৰত বিজেপিৰ প্ৰকৃত সমস্যাটো হ'ল ই নেতা নহয়, জাতি গঠন কৰে ।" (Manish Sisodia sent to ED custody)

সোমবাৰে বিশেষ আদালতে চিছোদিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাচত মঙলবাৰৰ পৰা তিহাৰ কাৰাগাৰত চিছোদিয়াক জেৰা আৰম্ভ কৰিছিল ইডিয়ে । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে তেওঁ ন্যায়ৰ অন্যান্য প্ৰতিকাৰমূলক বিকল্পৰ কাষ চাপিবলৈ জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল (ED interrogates Manish Sisodia) ।

লগতে পঢ়ক: Delhi liquor scam: বিপদ আঁতৰা নাই; এইবাৰ মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ EDৰ

বৰ্তমান বাতিল কৰা কেজৰিৱাল চৰকাৰৰ নতুন সুৰা নীতিয়ে সুৰা ব্যৱসায়ত ব্যক্তিগতকৰণক প্ৰসাৰিত কৰাৰ স্বাৰ্থত সুৰা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল । ইয়াৰ ফলত কাৰ্টেলাইজেচনক প্ৰসাৰিত কৰা বুলি চিবিআইয়ে অভিযোগ কৰে । দিল্লী চৰকাৰৰ অনুকূল কিছুমান ডিলাৰক ইয়াৰ বাবে উৎকোচ দিয়া হৈছিল বুলি তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰে । ৰাজনৈতিক তদন্তৰ আওতালৈ অহা এই নীতি দিল্লীৰ উপ-ৰাজ্যপালগৰাকীয়ে পুনৰ লৈ যায় আৰু তেওঁ এই বিষয়টোৰ চিবিআইৰ তদন্তৰ নিৰ্দেশো দিয়ে । ইডিয়ে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত এই গোচৰৰ ধনৰ ট্ৰেইলৰ তদন্ত চলাই আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.