ETV Bharat / bharat

Rouse avenue court hearing today: পত্নীৰ চিকিৎসা আৰু ব্যয়ৰ বাবে আদালতৰ নিৰ্দেশনালৈ ক্ষণ গণিছে মনীষ ছিছোদিয়াই

author img

By

Published : Aug 4, 2023, 10:49 PM IST

এসময়ৰ দিল্লীৰ বিত্তমন্ত্ৰী তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া এতিয়া বিত্তীয় সংকটৰ চৰম স্তৰত উপনীত হৈছে ৷ পত্নীৰ চিকিৎসাৰ ব্যয়ৰ লগতে ঘৰৰ খৰচৰ বাবে বেংক একাউণ্টৰ পৰা ধন উলিয়াবলৈ আদালতৰ আদেশৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে ছিছোদিয়া ৷

Rouse avenue court hearing today
আদালতৰ নিৰ্দেশনালৈ ক্ষণ গণিছে মনীষ ছিছোদিয়াই

নেশ্যনেল ডেস্ক, 4 আগষ্ট : বিত্তীয় সংকটত কাৰাৰুদ্ধ দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া ৷ এসময়ৰ দিল্লীৰ বিত্তমন্ত্ৰী এতিয়া বিত্তীয় সংকটৰ চৰম স্তৰত উপনীত হৈছে ৷ শেহতীয়াকৈ তেওঁৰ পত্নীৰ ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ত পত্নীৰ চিকিৎসাৰ ব্যয়ৰ লগতে ঘৰৰ খৰচৰ বাবে বেংক একাউণ্টৰ পৰা ধন উলিয়াবলৈ আদালতৰ আদেশৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে ছিছোদিয়া ৷

যোৱা পাঁচ মাহ ধৰি তিহাৰ কাৰাগাৰত বন্দী হৈ থকা ছিছোদিয়াৰ ওচৰত এতিয়া চিকিৎসা আৰু ঘৰুৱা খৰচৰ বাবেও ধন নাই ৷ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত ইডিয়ে তেওঁৰ বেংক একাউণ্ট জব্দ কৰিছিল । ইয়াৰ পাচৰে পৰা ছিছোদিয়াই আৰ্থিক সীমাৱদ্ধতাৰ সন্মুখীন হৈছিল ।

31 জুলাইত ছিছোদিয়াই তেওঁৰ বেংক একাউণ্টৰ পৰা ধন উলিয়াবলৈ অনুমতি বিচাৰি ৰাউজ এভিনিউ আদালতত এখন আবেদন দাখিল কৰিছিল ৷ এই আবেদনৰ ওপৰত ভিত্তি কৰি ৰাউজ এভিনিউ আদালতে ইডিক প্ৰত্যুত্তৰ বিচাৰি জাননী জাৰি কৰিছিল ৷

চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে ছিছোদিয়াৰ আবেদনৰ শুনানিৰ পিচত বিষয়টো 4 আগষ্টত পৰৱৰ্তী শুনানি দিয়া হ’ব বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ অধীনত গোচৰটোৰ শুনানি শুকুৰবাৰে অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বতে এপ্ৰিলত আদালতে ছিছোদিয়াক বেংকৰ পৰা ধন উলিয়াবলৈ অনুমতি প্ৰদান কৰিছিল ৷

আবেদনখনত, ছিছোদিয়াই উল্লেখ কৰিছিল যে তেওঁৰ পত্নীৰ স্বাস্থ্য ভাল নহয় ৷ তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ সেয়েহে, তেওঁৰ পত্নীৰ চিকিৎসা আৰু ঘৰুৱা খৰচৰ বাবেও তেওঁক ধনৰ প্ৰয়োজন ৷ ইডিয়ে তেওঁৰ একাউণ্টটো ফ্ৰীজ কৰাৰ বাবে একাউণ্টৰ পৰা ধন উলিয়াব পৰা নাছিল ৷

লগতে পঢ়ক: Hijab Controversy: দাক্ষিণাত্যৰ পাচত এইবাৰ ত্রিপুৰাত হিজাব বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.