তেজপুৰ, ১৩ ছেপ্টেম্বৰ: হিংসাজৰ্জৰ মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ ৰাইজৰ বাবে এক সুখবৰ । মণিপুৰী পাগুৰি (Kokyet) নতুন সংসদ ভৱনৰ মাৰ্শ্বালৰ ইউনিফৰ্মৰ এটা অংশ হ'ব । মণিপুৰী মেইটেই সম্প্ৰদায়ৰ লোকৰ মাজত এই পাগুৰিৰ এক উচ্চ সাংস্কৃতিক আৰু পৰম্পৰাগত মূল্যবোধ আছে ৷ ভাৰতৰ নতুন সংসদ ভৱনৰ ইউনিফৰ্মৰ অংশ হিচাপে এই পাগুৰী অন্তৰ্ভূক্ত হোৱাটো মেইটে সম্প্ৰদায়ৰ লোকৰ বাবে গৌৰৱৰ কথা ৷
“১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ অধিবেশনৰ সময়ত সংসদ ভৱনৰ কৰ্মচাৰীসকলে নতুন ইউনিফৰ্ম পৰিধান কৰিব”, চৰকাৰী জাননীত উল্লেখ কৰা হয় । এই জাননীত লগতে কোৱা হয় "সংসদৰ দুয়োখন সদনৰ মাৰ্শ্বালসকলেও নতুন ইউনিফৰ্ম পৰিধান কৰিব । মণিপুৰী পাগুৰি (Kokyet) হ’ব মাৰ্শ্বালৰ ইউনিফৰ্মৰ এটা অংশ । সংসদৰ দুয়োখন সদনৰ মাৰ্শ্বালে মণিপুৰী পাগুৰিকে ধৰি নতুন ইউনিফৰ্ম পিন্ধি সদনত কাৰ্যনিৰ্বাহ কৰিব ।
সংসদ ভৱনৰ কৰ্মচাৰীসকলে বৰ্তমানৰ ‘বন্ধগালা’ চুটৰ ঠাইত মেজেন্টা ৰঙৰ নেহৰু জেকেট দিয়া হৈছে । কৰ্মচাৰীসকলে পদুম ফুলৰ ডিজাইন আৰু খাকী ট্ৰাউজাৰৰ সৈতে গাঢ় গোলাপী ৰঙৰ চাৰ্ট পিন্ধিব । মণিপুৰী পাগুৰি আৰু কানাড়া পাগুৰি সংসদৰ দুয়োখন সদনত মাৰ্শ্বালৰ ইউনিফৰ্মৰ অংশ কৰা হ’ব । সংসদত থকা নিৰাপত্তাৰক্ষীসকলক কমাণ্ডো প্ৰশিক্ষণ প্ৰদান কৰা হ’ব । ছাফাৰী ছুটৰ সলনি তেওঁলোকক দিয়া হ’ব সেনাবাহিনীৰ ইউনিফৰ্মৰ দৰে পোছাক । মহিলা বিষয়াসকলক শীতকালত পিন্ধিব পৰা জেকেটৰ সৈতে উজ্জ্বল ৰঙৰ শাৰী দিয়া হ’ব ।
১৮ ছেপ্টেম্বৰৰ পৰা পুৰণি সংসদ ভৱনত আৰম্ভ হ’ব সংসদৰ বিশেষ অধিৱেশন । নতুন আৰম্ভণিৰ বাবে শুভ বুলি বিবেচিত গণেশ চতুৰ্থীৰ দিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰত নতুন সংসদ ভৱনলৈ এই অধিবেশন স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: New uniform for employees: পদুম ফুলৰ ডিজাইনত তৈয়াৰ নতুন সংসদ ভৱনৰ কৰ্মচাৰীৰ পোচাক