তেজপুৰ,২০ জুলাই : কুকি মহিলাক উলংগ কৰি সমদল উলিওৱা অভিযুক্তসকলক চৰম শাস্তি প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে বিবেচনা কৰিব চৰকাৰে । বৰ্তমান এক পুংখানুপুংখ তদন্ত চলি আছে আৰু চৰকাৰে নিশ্চিত কৰিব যাতে মৃত্যুদণ্ডৰ সম্ভাৱনা বিবেচনা কৰি সকলো অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয় । এই ঘোষণা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ।
উল্লেখ্য যে যোৱা ৪ মে'ৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত প্ৰত্যক্ষ কৰা গৈছে যে দুগৰাকী মহিলাক একাংশ দানৱৰূপী লোকে উলংগ কৰি সমদল বাহিৰ কৰিছে । আনকি সমদলৰ পূৰ্বে কুকি সম্প্ৰদায়ৰ মহিলা দুগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰো অভিযোগ উঠিছে । মহিলা দুগৰাকীয়ে কান্দি কান্দি সমদলত আগবাঢ়ি যোৱা দেখা গৈছে আৰু লোকসকলক তেওঁলোকক মুকলি কৰিবলৈ কাতৰ আহ্বানো জনাইছে । এই ভয়ংকৰ আৰু সভ্য সমাজক লজ্জাজনত কৰা ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধীয়ে শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।
ইয়াৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে কয় যে চৰকাৰে ভিডিঅ'টোত দেখা অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । যোৱা নিশা প্ৰায় ১.৩০ বজাত ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।
জানিব পৰা মতে অজ্ঞাত সশস্ত্ৰ দুৰ্বৃত্তৰ বিৰুদ্ধে থৌবাল জিলাত অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগত নংপোক চেকমাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । কাংপোকপি জিলাৰ ৪ মে'ৰ ভিডিঅ'টোত পুৰুষসকলক অসহায় মহিলাসকলক নিৰন্তৰ উৎপীড়ন কৰা দেখা গৈছে ।
মুখ্যমন্ত্ৰীয়ে টুইটযোগে কয় যে বুধবাৰে প্ৰকাশ পোৱা ভিডিঅ'টো অতি দুখজনক । অসন্মানজনক আৰু অমানৱীয় পৰিস্থিতিৰ সন্মুখীন হোৱা দুয়োগৰাকী মহিলাৰ বাবে তেওঁ মৰ্মাহত । ভিডিঅ'টো পোহৰলৈ অহাৰ লগে লগে ঘটনাটোৰ স্বতঃস্ফূৰ্তভাৱে মণিপুৰ আৰক্ষীয়ে পদক্ষেপ লয় আৰু প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । তেওঁৰ মতে ঘটনাটোৰ তদন্ত চলি আছে আৰু চৰকাৰে অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ বাবে জোৰ দিব । সমাজত এনে ধৰণৰ জঘন্য কাৰ্যৰ কোনো স্থান নাই বুলিও মুখ্যমন্ত্ৰী বীৰেণ সিঙে উল্লেখ কৰে ।
লগতে পঢ়ক :Manipur incident : মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ