নিউজ ডেস্ক, ৯ জুন : বৃহস্পতিবাৰে মণিপুৰত বিধায়ক চোৰাইচাম কেবিৰ বাসগৃহৰ গে'টত দুজন বাইকত অহা দুৰ্বৃত্তই কম প্ৰাবল্যৰ আই ই ডি (Improvised explosive device) নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে (IED hurled at MLA Soraisam Kebis residence) । "কোনো লোক হতাহত হোৱা নাই । মাটিত কেইটামান গাঁতৰ বাহিৰে বিস্ফোৰণটোৱে কোনো ডাঙৰ ক্ষতি কৰা নাই ।" আৰক্ষী সূত্ৰত প্ৰকাশ ।
মণিপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি, বাইক আৰোহী দুজনে নিংথেমচা কাৰোঙৰ ইম্ফল পশ্চিম জনপদত নাওৰিয়া পাখংলাকপা বিধানসভা সমষ্টিৰ বিধায়ক সোৰাইচাম কেবিৰ বাসগৃহলৈ এটা আইইডি নিক্ষেপ কৰে (Manipur violence) । উল্লেখ্য, আইইডি হৈছে ধ্বংসাত্মক, মাৰাত্মক, ক্ষতিকাৰক, পাইৰোটেকনিক বা জ্বলা-পোৰা কৰা ৰাসায়নিক পদাৰ্থ অন্তৰ্ভুক্ত কৰি এক উন্নত প্ৰকাৰে তৈয়াৰ কৰা বোমা । এই বোমা ব্যক্তি বা বাহন ধ্বংস কৰা বা অক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হয় ।
ইফালে এই ঘটনাৰ মাজতে মণিপুৰ চৰকাৰৰ উপদেষ্টা (নিৰাপত্তা) কুলদীপ সিঙে বৃহস্পতিবাৰে কয় যে, মণিপুৰৰ পৰিস্থিতি বৰ্তমান শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে (Manipur government Advisor Kuldeep Singh) । উত্তৰ-পূবৰ ৰাজ্যখনত বিগত ৪৮ ঘণ্টাত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে ।
আনহাতে, মণিপুৰৰ পৰা নিৰাপত্তাৰ বাবে অন্য স্থানত গৈ আশ্ৰয় লোৱা লোকসকলক সকাহ প্ৰদান কৰিবলৈ সিঙে কয় যে গৃহ মন্ত্ৰালয়ে ১০১.৭৫ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন জনাইছে । মণিপুৰৰ পৰা স্থানচ্যুত হোৱাসকলৰ বাবে গৃহ মন্ত্ৰালয়ৰ সাহায্য পেকেজৰ অনুমোদনৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্য চৰকাৰক এনে পেকেজৰ বাবে তেওঁৰ মন্ত্ৰালয়লৈ অনুৰোধ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল (Home Minister Amit Shah Manipur visit) ।
মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত মে' মাহৰ আৰম্ভণিতে মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্ত কুলদীপ সিঙে কয়, "বৰ্তমানলৈকে মুঠ ৮৯৬ টা অস্ত্ৰ আৰু ১১,৭৬৩ টা গোলাবাৰুদ আৰু ২০০ টা বিভিন্ন ধৰণৰ বোমা উদ্ধাৰ কৰা হৈছে ।" উল্লেখ্য যে ১ জুনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ আবেদনৰ এদিন পিছতে ২ জুনত মণিপুৰৰ বিভিন্ন স্থানত মুঠ ১৪০ টা অস্ত্ৰ সমৰ্পণ কৰা হয় ।
সমৰ্পণ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছিল এছএলআৰ ২৯, কাৰ্বাইন, এ কে, ইনচাছ ৰাইফল, ইনচাছ এলএমজি, .৩০৩ ৰাইফল, ৯ এম এম পিষ্টল, .৩২ পিষ্টল, এম১৬ ৰাইফল, স্ম'ক গান আৰু কন্দুৱা গেছ, এটা স্থানীয়ভাৱে নিৰ্মিত পিষ্টল, এটা ষ্টান গান, আধুনিক ৰাইফল, জেভিপি আৰু গ্ৰেনেড লঞ্চাৰ । ইয়াৰ লগতে অমিত শ্বাহে মণিপুৰৰ লোকসকলক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় ।
উল্লেখ্য, মণিপুৰ উচ্চ ন্যায়ালয়ৰ ১৯ এপ্ৰিলৰ নিৰ্দেশনা অনুসৰি মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (Meitei demand Scheduled Tribe in Manipur) শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নে (All Tribals Students Union) আয়োজন কৰা এক সমদলৰ সময়ত ৩ মে'ত মণিপুৰত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটিছিল । তাৰ পিছৰে পৰা এমাহতকৈও অধিক দিন উত্তৰ-পূবৰ ৰাজ্যখন অশান্ত হৈ আছে ।
লগতে পঢ়ক :Jan shatabdi express derailed: তামিলনাডুত লাইনচ্যুত জন শতাব্দী এক্সপ্ৰেছ