ETV Bharat / bharat

Manipur Violence: মণিপুৰত সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱা বুলি উত্থাপিত অভিযোগ খণ্ডন ৰেপিড এক্সন ফ’ৰ্চৰ - গোষ্ঠীগত সংঘৰ্ষত বৰ্তমানেও জৰ্জৰিত মণিপুৰ

গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰত প্ৰতিবাদস্থলীত চি আৰ পি এফ/আৰ এফে গোষ্ঠীগত মন্তব্য আগবঢ়োৱা বুলি উত্থাপিত অভিযোগ খণ্ডন সেনাৰ ৷ 5 দিনৰ বাবে ৰাজ্যখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ লগতে ৰাজ্যৰ সকলো বিদ্যালয় শুকুৰবাৰলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

Manipur Violence
গোষ্ঠীগত মন্তব্য আগবঢ়োৱা বুলি উত্থাপিত অভিযোগ খণ্ডন সেনাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:21 PM IST

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: গোষ্ঠীগত সংঘৰ্ষৰ উত্তেজনা মাৰ যোৱা নাই মণিপুৰত ৷ 6 জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা দুজন ছাত্ৰক হত্যা কৰাৰ খবৰ পোহৰলৈ অহাৰ পিচতে পুনৰ উত্তপ্ত হৈ পৰিছে উঃপূঃৰ ৰাজ্যখনৰ পৰিস্থিতি ৷ এই সময়তে মণিপুৰ আৰক্ষী আৰু ভাৰতীয় সৈন্যৰ মাজতো বাক-বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ পুনৰ ভাৰতীয় সেনাৰ বিৰুদ্ধে উত্থাপিত হোৱা পৰিলক্ষিত হৈছে গুৰুতৰ অভিযোগ ৷

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে 6 জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা দুজন ছাত্ৰক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিক্ষোভকাৰীৰ সৈতে মোকাবিলা কৰাৰ সময়ত চি আৰ পি এফ/আৰ এ এফে সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে চি আৰ পি এফ/আৰ এ এফে নস্যৎ কৰিছে এই অভিযোগ ।

লক্ষণীয় বিষয় যে, আৰ এ এফৰ এজন জোৱানে উক্ত সময়ত “এয়া আমাৰ সম্প্ৰদায় নহয়, যি বিচাৰে তাকে কৰক (হামাৰা জাতি নেহী হ্যে, কুচ ভি কৰৌ)” মন্তব্য কৰা এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ৷

মঙলবাৰে নিশা 'X'ৰ এটা পোষ্টত সেনাই কয়, "হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সময়ত আৰ এ এফৰ জোৱানসকলে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা বুলি এটা ভিডিঅ' প্ৰচাৰিত হৈছে । দেখা গৈছে যে ভিডিঅ' নিৰ্মাতাই ইচ্ছাকৃতভাৱে নিজৰ কণ্ঠত জাতিগত মন্তব্য ৰেকৰ্ড কৰি আৰ এ এফৰ সৈন্যৰ ভাবমূৰ্তি কলংকিত কৰিছে । নিষ্ঠা আৰু আন্তৰিকতাৰে নিজৰ কৰ্তব্য পালন কৰা আৰ এ এফৰ জোৱানসকলক বদনাম আৰু নিৰুৎসাহিত কৰিবলৈ এই অভিযোগ উত্থাপন কৰা হৈছে ৷ আৰ এফৰ জোৱানসকল গোটেই দিনটো আৰু আনকি ৰাতিৰ সময়তো ইম্ফল চহৰৰ বিভিন্ন ঠাইত আইন-শৃংখলাৰ কৰ্তব্যৰ বাবে নিয়োজিত হৈ আছিল ।"

ইয়াত লগতে কোৱা হৈছে যে আৰ এ এফৰ সৈন্যই নিৰৱচ্ছিন্নভাৱে জাতিটোৰ সেৱা কৰি আহিছে আৰু মণিপুৰৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

উল্লেখ্য যে, জুলাই মাহত অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱা দুজন যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু লাঠি চাৰ্জ কৰাৰ ফলত ইম্ফল উপত্যকাত মুঠ 45 গৰাকী ছাত্ৰ আহত হয়, ইয়াৰে অধিকসংখ্যক ছাত্ৰী ।

উদ্বিগ্ন পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে 5 দিনৰ বাবে ৰাজ্যখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ ব্যৱস্থা আৰোপ কৰাৰ লগতে ৰাজ্যৰ সকলো বিদ্যালয় শুকুৰবাৰলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছে ৷

লগতে পঢ়ক: Manipur violence: চূড়াচান্দপুৰত অতিৰিক্ত 400 সুৰক্ষা বাহিনীৰ লোক মোতায়েন কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.