ETV Bharat / bharat

Manipur Police seized WY tablets : মণিপুৰ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

দেশজুৰি অব্যাহত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান(Campaign against narcotics continues in India) । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মণিপুৰতো ধাৰাবাহিকভাৱে আৰক্ষীয়ে চলাই গৈছে অভিযান । এইবাৰ আৰক্ষীৰ অভিযানত জালত পৰে ৯ কোটিৰো অধিক মূল্যৰ WY টেবলেটসহ দুটাকৈ সৰবৰাহকাৰী(Narcotics worth 9 crore seized in Manipur) ।

two arrested in manipur with narcotics
৯ কোটি টকাৰো অধিক মূল্যৰ নিচাজাতীয় টেবলেটসহ মণিপুৰ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
author img

By

Published : May 24, 2022, 2:13 PM IST

মণিপুৰ, ২৪ মে': মণিপুৰ আৰক্ষীৰ বৃহৎ সাফল্য(Manipur police against drugs) । নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৯ কোটিৰো অধিক মূল্যৰ নিচাজাতীয় টেবলেট(Narcotics worth 9 crore seized in Manipur) । লগতে আটক কৰে দুটাকৈ সৰবৰাহকাৰীক ।

মণিপুৰৰ টেংনুপাল জিলা আৰক্ষীয়ে দুটাকৈ স্থানত চলাইছিল অভিযান । টেংনুপাল আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে ২২.৮ কিল’গ্ৰাম ওজনৰ ২০ টা WY টেবলেটৰ টোপোলা(Manipur Police seized WY tablets) । লগতে আটক কৰে ৯ নং মোৰেহ ৱাৰ্ডৰ চেইমিনলুন লুভুম নামৰ সৰবৰাহকাৰীটোক ।

জব্দকৃত টেবলেটখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ৪ কোটি ৫৬ লাখ টকা । তদুপৰি আৰক্ষী জব্দ কৰে MN 06 LB 6715 নম্বৰৰ এখন বলেৰ' পিকআপ ভান ৷

সমান্তৰালভাৱে একেটা অভিযানকাৰী দলে আটক কৰে আন এটা ড্ৰাগছ সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰীটোৰ নাম নিউ মৰেহৰ শ্বটিনলেন খোংচাই বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীৰ দলটোৱে AS 09 F 5589 নম্বৰৰ এখন বলেৰ' পিকআপ ভানসহ ২২.৭ কিল’গ্ৰামৰ ২০ টা WY টেবলেটৰ টোপোলা জব্দ কৰে । জব্দকৃত টেবলেটখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ৪ কোটি ৫৫ লাখ টকা হ'ব বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে ।

লগতে পঢ়ক: হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ; হানি-খুঁচি হত্যা জৈয়নুদ্দিন আহমেদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.