ETV Bharat / bharat

Manipur violence: মণিপুৰত আৰক্ষীৰ কঠোৰ অভিযান, অস্ত্ৰ উদ্ধাৰৰ লগতে ধ্বংস উগ্ৰপন্থীৰ বাংকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:34 PM IST

অশান্তজৰ্জৰ মণিপুৰ ৷ মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত অনুসন্ধান অভিযান, অস্ত্ৰ উদ্ধাৰ কৰা আৰু উগ্ৰপন্থীৰ বাংকাৰ ভাঙি পেলোৱাৰ লগতে কেইবাটাও অঞ্চলত নাকা চেকিং অব্যাহত ৰাখিছে ৷

Manipur violence
মণিপুৰত আৰক্ষীৰ কঠোৰ অভিযান

তেজপুৰ, ১৪ ছেপ্টেম্বৰ : মণিপুৰৰ কাংপকপি জিলাত চেপা উত্তেজনা অব্যাহত আছে । এই হিংসাত্মক ঘটনাৰ মাজতে মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত অনুসন্ধান অভিযান, অস্ত্ৰ উদ্ধাৰ আৰু উগ্ৰপন্থীৰ বাংকাৰ ভাঙি পেলোৱাৰ লগতে কেইবাটাও অঞ্চলত নাকা চেকিং অব্যাহত ৰাখিছে ৷

মণিপুৰত আৰক্ষীৰ কঠোৰ অভিযান
মণিপুৰত আৰক্ষীৰ কঠোৰ অভিযান

মণিপুৰৰ থৌবাল, পূব ইম্ফল, ইম্ফল-পশ্চিম, কাকচিং চুৰাচান্দপুৰ আৰু কাংপোকপি জিলাৰ ফ্ৰিঞ্জ আৰু পাহাৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান চলাই থৌবাল জিলাৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰে ৷ ইয়াৰ লগতে কাংপকপি জিলাত ১ টা বাংকাৰ ভাঙি পেলাই বুলি জানিব পৰা গৈছে ৷ আনহাতে মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১২৮ টা নাকা চেকপইণ্ট স্থাপন কৰে মণিপুৰ আৰক্ষীয়ে ৷ ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত ১,৮৫৩ জন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

মণিপুৰত আৰক্ষীৰ কঠোৰ অভিযান
মণিপুৰত আৰক্ষীৰ কঠোৰ অভিযান

উল্লেখ্য যে, মণিপুৰ বিধানসভাৰ ১৮ জনীয়া দলে বৃহস্পতিবাৰে নতুন দিল্লীত বাহৰ পাতিছে । এই দলটোৰ নেতৃত্ব বহন কৰিছে ৰাজ্যখনৰ দুগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে । দলটোৱে মণিপুৰৰ মণিপুৰ লেণ্ড ৰেভিনিউ MLR আৰু LR লেণ্ড ৰেভিনিউ বিষয়েও আলোচনা কৰাৰ সম্ভাৱনা আছে । মণিপুৰৰ ভূমি অধিকাৰ আৰু হস্তান্তৰ আইন ১৯৬০ (MLR & LR Act ১৯৬০) সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য বুলি ঘোষণা কৰা হয় যদিও প্ৰকৃততে এই ভূমি আইন Act ১৯৬০ সংসদৰ মজিয়াত উত্থাপন কৰোঁতে উল্লেখ কৰা নাছিল যে এক মাত্ৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকৰ মাজত এই আইন প্ৰযোজ্য হ’ব ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত সজাঁতী দলটোৱে আলোচনা কৰিব বুলি জানিব পৰা গৈছে ।

আনহাতে মণিপুৰৰ হিংসাত্মক ঘটনাৰ পাচত গৃহহীন হোৱা কুকি সম্প্ৰদায়ৰ লোকসকলে মেইটেই জনবসতি অঞ্চলত পুনৰ সংস্থাপনৰ বাবে সুবিধা লাভ কৰিলেও চুৰাচান্দপুৰ আৰু কাংপকপি পাহাৰীয়া অঞ্চলত বসবাস কৰা মেইটেই সকলে পুনৰ সংস্থাপন পোৱাটো নিশ্চিত হোৱা নাই বুলি এক সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Firing incident reported in Manipur : মণিপুৰৰ টেংনৌপালত গুলীচালনা, সুৰক্ষা কৰ্মী আৰু স্থানীয় লোকৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.