ETV Bharat / bharat

Manipur Violence: ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জনৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ

author img

By

Published : Jun 16, 2023, 10:04 AM IST

Updated : Jun 16, 2023, 2:21 PM IST

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ মণিপুৰস্থিত বাসগৃহত দুস্কৃতিকাৰীৰ অগ্নিসংযোগ ৷ গৃহৰাজ্যত হৈ থকা হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ মন্ত্ৰীগৰাকীৰ ৷

Manipur news update
Etv Bharat

নেশ্যনেল ডেস্ক, 16 জুন : শাম কটা নাই মণিপুৰ হিংসাৰ ৷ বৃহস্পতিবাৰৰ গভীৰ নিশা ইম্ফলৰ কংবাত ৰাজ্যখনৰ কেন্দ্ৰীয় বিদেশ মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ তুলিছে মণিপুৰ চৰকাৰে ।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত সিঙে ‘মই বৰ্তমান চৰকাৰী কামৰ বাবে কেৰালাত আছো । সৌভাগ্যক্ৰমে, যোৱা নিশা মোৰ ইম্ফলস্থিত ঘৰত কোনো লোক আহত হোৱা নাই । দুস্কৃতিকাৰীয়ে পেট্ৰ’ল বোমা লৈ আহিছিল আৰু মোৰ ঘৰৰ তলৰ মহলা আৰু প্ৰথম মহলাৰ ক্ষতি হৈছে বুলি মই জানিব পাৰিছো ৷' উল্লেখ্য যে, কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰীগৰাকীয়ে তেওঁৰ ইম্ফলস্থিত ঘৰৰ যথেষ্ট ক্ষয়-ক্ষতি হোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

উত্তৰ-পূবাঞ্চলত শান্তি ঘূৰি অহাৰ প্ৰাৰ্থনা কৰি কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, ‘মোৰ গৃহৰাজ্যত কি হৈ আছে সেয়া দেখি বৰ দুখ লাগে ৷ ৰাজ্যখনৰ শান্তি ঘূৰাই আনিবৰ বাবে ৰাজ্যবাসীলৈ আহ্বান জনাম বুলি উল্লেখ কৰি তেওঁ এই ধৰণৰ হিংসাত লিপ্ত হোৱাসকল একেবাৰে অমানৱীয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰৰ সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনত শান্তি ঘূৰায় আনিবলৈ চৰকাৰে বহু স্তৰত আলোচনা কৰি আছে বুলি জানিবলৈ দিয়ে । হিংসাৰ লগত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বাস প্ৰদান কৰে । উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে মণিপুৰত সংঘটিত হোৱা এক হিংসাত্মক ঘটনাত 9 জন লোকৰ মৃত্যু হয় । আনহাতে আন 10 জন লোক আহত হয় ।

দুৰ্ভাগ্যজনকভাৱে এমাহতকৈও অধিক সময় ধৰি মণিপুৰত অব্যাহত আছে এই জাতিগত হিংসাৰ ঘটনা ।

লগতে পঢ়ক : Attack on Indian High Commission in London: 45 অভিযুক্তক বিচাৰি নিয়াৰ অভিযান

Last Updated : Jun 16, 2023, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.