ETV Bharat / bharat

Manipur needs peace: মণিপুৰত শান্তি লাগে; চিত্ৰাংগদাৰ ৰাজ্যত ভৰি থৈ ৰাহুল গান্ধীয়ে ক’লে - rahul gandhi on manipur violence

সংঘৰ্ষজৰ্জৰ মণিপুৰত দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে উপস্থিত হোৱা ৰাহুল গান্ধীয়ে শুকুৰবাৰে সাক্ষাৎ কৰে ৰাজ্যপালক ৷ ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে নিজৰ সামৰ্থৰে সকলো কৰাৰ আশ্বাস ৷

Rahul Gandhi meets Governor Anusuiya Uikey
Manipur needs peace
author img

By

Published : Jun 30, 2023, 6:03 PM IST

নিউজ ডেস্ক, 30 জুন: গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত এতিয়াও বলি আছে অশান্তিৰ বতাহ ৷ তাৰ মাজতেই মণিপুৰত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে সাক্ষাৎ কৰে ৰাজ্যপাল অনুসূয়া উইকীক ৷ বৃহস্পতিবাৰেই মণিপুৰত উপস্থিত হোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীক ভ্ৰমণত বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে ৷

ৰাজ্যপালক সাক্ষাতৰ পাচতে ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মণিপুৰে শান্তি বিচাৰে ৷ ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে নিজৰ সামৰ্থৰে সকলোখিনি কৰিব বুলিও কয় ৰাহুল গান্ধীয়ে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে সংঘৰ্ষজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিবলৈ গৈছে ৰাহুল গান্ধী ৷ শুকুৰবাৰে ইম্ফলত ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰে গান্ধীয়ে ৷

সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ কয়, মণিপুৰক শান্তি লাগে ৷ মই মোৰ সামৰ্থৰে শান্তি প্ৰতিষ্ঠাৰ বাবে যি পাৰো কৰিম ৷ মই সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰিছোঁ ৷ তাত বহুতো সমস্যা আৰু অভাৱ দেখিছোঁ ৷ চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল’ব লাগে ৷ মই মণিুপৰত পুনৰ শান্তি প্ৰতিষ্ঠা হোৱাতো বিচাৰোঁ ৷

ৰাজ্যপালক সাক্ষাতৰ পূৰ্বে ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ সংঘৰ্ষপীড়িত লোকসকলে আশ্ৰয় গ্ৰহণ কৰা শিবিৰসমূহ পৰিদৰ্শন কৰে ৷ লোকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ অভাৱ-অভিযোগ আৰু স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ৰাহুল গান্ধীয়ে ৷ এটা ইনষ্টাগ্ৰাম পোষ্টত কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰিছে যে, এই হিংসাৰ ফলত নিজৰ আপোনজন আৰু ঘৰ-বাৰী হেৰুওৱা লোকসকলৰ দুৰ্দশা দেখি-শুনি হৃদয়ে হাহাকাৰ কৰি উঠিছে ৷ ‘‘মই লগপোৱা সকলো ককাই-ভনী আৰু শিশুৰ মুখত উজলি উঠিছে এধানি সহায়ৰ বাবে আতুৰতা ৷’’

লগতে পঢ়ক: Rahul Gandhi meet victims of violence :মইৰাঙত হিংসাত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ ৰাহুল গান্ধীৰ

মৈৰাঙৰ সাহায্য শিবিৰ ভ্ৰমণৰ পিচত ৰাহুল গান্ধী পুনৰ ইম্ফলত উপস্থিত হ’ব ৷ য’ত তেওঁ নাগৰিক সমাজৰ সংগঠনৰ নেতা, সংযুক্ত নগা পৰিষদৰ নেতা, ১০ টা ৰাজনৈতিক দল আৰু মহিলা নেত্ৰীক সাক্ষাৎ কৰিব বুলি মণিপুৰ কংগ্ৰেছৰ সভাপতি কেইশম মেঘচন্দ্ৰই জানিবলৈ দিয়ে । কংগ্ৰেছ নেতাগৰাকীয়ে বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত জাতিগত হিংসাৰ সন্মুখীন হোৱা লোকসকলক সাক্ষাৎ কৰে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে টুইটযোগে মণিপুৰক শান্তিৰ প্ৰয়োজন তথা শান্তি একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে বুলি কয় ।

"মই মণিপুৰৰ সকলো ভাই-ভনীৰ কথা শুনিবলৈ আহিছো । সকলো সম্প্ৰদায়ৰ মানুহে অতি আদৰণীয় আৰু মৰমিয়াল । চৰকাৰে মোক বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক। মণিপুৰত শান্তিৰ প্ৰয়োজন । শান্তি আমাৰ একমাত্ৰ অগ্ৰাধিকাৰ হ'ব লাগিব ।"

প্ৰায় দুমাহ পূৰ্বে ৩ মে’ত ৰাজ্যখনত জাতিগত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ অনুসূচিত জনজাতিৰ তালিকাত মেইটেইসকলক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত সদৌ জনজাতি ছাত্ৰ সন্থাই আয়োজন কৰা এক সমাৱেশৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.