ETV Bharat / bharat

Amit Shah on Manipur: মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ বক্তব্যক প্ৰশংসা মণিপুৰৰ বিধায়কৰ - biometric attendance system in MANIPUR

মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইম’ সিঙে মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে সদনত আগবঢ়োৱা তথ্য টুইটাৰযোগে সদৰী কৰে ৷

manipur mla rajkumar imo singh on twitter
মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ সদনৰ বক্তব্যক প্ৰশংসা মণিপুৰৰ বিধায়কৰ
author img

By

Published : Aug 11, 2023, 7:32 AM IST

তেজপুৰ, 10 আগষ্ট : হত্যা-হিংসাৰ ৰম্যভূমি হৈ পৰা মণিপুৰ সন্দৰ্ভত অৱশেষত সদনত মুখ খুলিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বৃহস্পতিবাৰে সদনৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ সৈতে সমগ্ৰ দেশ আছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । মোদীৰ ভাষণৰ পিছত মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইম’ সিঙে সামাজিক মাধ্যমত গৃহমন্ত্ৰী অমিত শ্বাহে সদনত মণিপুৰ সন্দৰ্ভত আগবঢ়োৱা বক্তব্য টুইটাৰযোগে উল্লেখ কৰে ৷

তেওঁ কয়, ‘‘সংসদত গৃহমন্ত্ৰীৰ বক্তব্যত, তেওঁ মণিপুৰৰ বৰ্তমানৰ সংঘাত সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কথা দাখিল কৰে । ৰাজ্য চৰকাৰৰ নীতি আৰু মণিপুৰবাসীৰ সাধাৰণ মতামতক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে গৃহমন্ত্ৰীগৰাকীয়ে ।’’ মণিপুৰ ৰাজ্যত জনগাঁথনিৰ কোনো পৰিৱৰ্তন নহ'ব বুলি গৃহমন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰা বক্তব্য বিজেপি বিধায়কগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে ।

  • Statement by the Home Minister in Parliament, where he tabled very important and pertinent points regarding the present conflict in Manipur. The HM has virtually reiterated the policies of the state government and the general views of the people of Manipur.

    1. There will be no…

    — Rajkumar Imo Singh (@imosingh) August 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গৃহমন্ত্ৰীগৰাকীয়ে মণিপুৰত ঘটা সংঘাতক মানি লৈ ম্যানমাৰৰ পৰা ৰাজ্যখনলৈ অনুপ্ৰৱেশ হৈছে আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ ওপৰত পৰীক্ষা কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি সকলো অবৈধ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ বায়’মেট্ৰিকৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে । বিজেপি বিধায়কগৰাকীয়ে কয় যে, ম্যানমাৰৰ পৰা কুকিৰ আগমনৰ মূল কাৰণ হৈছে সামৰিক জুন্টাৰ দমন । সীমান্ত সুৰক্ষা কৰাটো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে ৷

কেন্দ্ৰীয় চৰকাৰে উক্ত সীমান্তৰ বাবে জৰীপ আৰম্ভ কৰিছে আৰু 600 কিলোমিটাৰতকৈ অধিক অংশত বেৰ দি সীমান্তত সুৰক্ষা প্ৰদান কৰিব । লগতে সমগ্ৰ ৰাজ্যখনত পৰিলক্ষিত হোৱা সংঘাতৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে মাদক দ্ৰব্যৰ বিষয়টোও উল্লেখ কৰিছিল । ম্যানমাৰৰ পৰা শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ ফলত সংঘাতৰ তথ্য আৰু বাস্তৱতাক মানি লৈ ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰৰ সৈতে এই আগমনৰ সন্দৰ্ভত আলোচনা আৰম্ভ কৰিছে ।

ৰাজ্য চৰকাৰৰ কোনো পৰামৰ্শ অবিহনে এছ টিৰ মৰ্যাদা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আদেশে হিংসাৰ সূচনা কৰিছে । ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত সহযোগিতা কৰি আহিছে বুলি উললেখ কৰি ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী নেতৃত্বত থকালৈকে ৰাজ্যত কোনোধৰণৰ পৰিৱৰ্তন নহয় বুলি সামাজিকভাৱে প্ৰকাশ কৰে ।

লগতে পঢ়ক : Manipur Violence: মণিপুৰত অসম ৰাইফলছৰ নিৰাপত্তা বাহাল ৰাখিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান 10 জনজাতীয় বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.