ETV Bharat / bharat

Manipur violence: আকৌ মণিপুৰত হিংসাৰ দাবালন; সান্ধ্য আইনৰ শিথিলতা প্ৰত্যাহাৰ - Manipur violence

মণিপুৰত শেহতীয়াকৈ হিংসাত্মক পৰিস্থিতি শাম কটা বুলি ঘোষণা কৰা পিচতেই পুনৰ মণিপুৰত পুনৰাবৃত্তি হৈছে হিংসাত্মক ঘটনা (Manipur violence again) ৷ মণিপুৰত সোমবাৰে ইম্ফলৰ নিউ লাম্বুলেন অঞ্চলত দুৰ্বৃত্তই পৰিত্যক্ত বাসগৃহসমূহ জ্বলাই দিয়ে দুৰ্বৃত্তই ৷

manipur-is-witnessing-fresh-incidents-of-violence
পুনৰ হিংসাৰ দাবালনত দহিছে মণিপুৰ
author img

By

Published : May 22, 2023, 6:09 PM IST

Updated : May 22, 2023, 6:23 PM IST

নিউজ ডেস্ক, 2 মে’: পুনৰ অশান্তজৰ্জৰ মণিপুৰ (Manipur violence again) ৷ মণিপুৰত শেহতীয়াকৈ হিংসাত্মক পৰিস্থিতি শাম কটা বুলি ঘোষণা কৰা পিচতেই পুনৰ মণিপুৰত পুনৰাবৃত্তি হৈছে হিংসাত্মক ঘটনা ৷ মণিপুৰত সোমবাৰে ইম্ফলৰ নিউ লাম্বুলেন অঞ্চলত দুৰ্বৃত্তই পৰিত্যক্ত বাসগৃহসমূহ জ্বলাই দিয়ে ৷

সূত্ৰৰ পৰা জানিব পৰা অনুসৰি দুৰ্বৃত্তই অঞ্চলটোৰ চাৰিটা ঘৰত অগ্নিসংযোগ কৰিছিল ৷ সম্প্ৰতি অঞ্চলটোত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে ৷ এই ঘটনাৰ পূৰ্বে এজন বন্দুকধাৰী লোকে প্ৰথমে নিউ চেকন অঞ্চলৰ কিছু দোকানৰ মালিকক তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ ভাবুকি দিছিল । দোকানসমূহ বন্ধ কৰাৰ পিচতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷

এই ঘটনাৰ পিচতে এতিয়া ৰাজ্যখনত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা 26 মে’লৈ বৃদ্ধি কৰিছে ৷ ইম্ফলত পূৰ্বে বিয়লি 4 বজালৈ শিথিল কৰা সান্ধ্যআইন এই ঘটনা সংঘটিত হোৱাৰ পিচত দুপৰীয়া 1 বজাৰ পিছত পুনৰ জাৰি কৰা হয় । প্ৰায় এমাহ ধৰি জাতিগত সংঘৰ্ষক লৈ উত্তাল হৈ আছে মণিপুৰ । চলিত মাহৰ আৰম্ভণিতে পাহাৰীয়া ৰাজ্যখনত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ যোৱা ৩ মে’ত মেইটেইসকলে অনুসূচিত জনজাতিৰ মৰ্যাদাৰ বাবে কৰা দাবীৰ প্ৰতিবাদত সংহতি পদযাত্ৰাৰ আয়োজন কৰিছিল কুকি জনজাতীয় লোকসকলে ।

এই ঘটনাৰ পিচতে আগন্তুক 5 দিনলৈ ইণ্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি কৰিছে ৷ শেহতীয়াকৈ এটা চৰকাৰী বিবৃত্তিত প্ৰকাশ কৰে যে, "মণিপুৰত সংঘটিত হৈ থকা এই অসামাজিক কাৰ্যকলাপসমূহৰ ছবি প্ৰচাৰ, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ' বাৰ্তা সামাজিক মাধ্যমত প্ৰচাৰে মণিপুৰ ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ গুৰুতৰ প্ৰতিক্ৰিয়া হ'ব পাৰে ৷ মণিপুৰত শান্তি আৰু ৰাজহুৱা শৃংখলাত যিকোনো বিভ্ৰান্তি প্ৰতিহত কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে ৷ ৰাজ্যখনত অহা ২৬ মে’ৰ বিয়লি ৩ বজালৈকে ইণ্টাৰনেট কৰ্তন কৰা হৈছে ৷"

ইতিমধ্যে এই অগ্নিসংযোগ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ ধৃত কেইজনৰ এজন প্ৰাক্তন বিধায়ক আৰু তেওঁৰ দুজন সুৰক্ষা কৰ্মীবুলি জানিব পৰা গৈছে ৷ এই ঘটনাত কোনো লোকৰ হতাহতিৰ তথ্য পোহৰলৈ নাই ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি অব্যাহত আছে ৷

লগতে পঢ়ক: West Bengal Blast: পশ্চিমবংগৰ আতচবাজী কাৰখানাত বিস্ফোৰণ: ৩ জন নিহত

Last Updated : May 22, 2023, 6:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.