ETV Bharat / bharat

Manipur crisis : মণিপুৰৰ শান্তিপূৰ্ণ অঞ্চলত মোবাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Manipur crisis

চৰকাৰে হিংসাজৰ্জৰ মণিপুৰত মোবাইল ইণ্টাৰনেট সেৱা ৮ নৱেম্বৰলৈ বৃদ্ধি কৰিছে । তাৰ মাজতে পৰীক্ষণৰ ভিত্তিত কিছুমান অঞ্চলত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ।

Manipur crisis
মণিপুৰৰ শান্তিপূৰ্ণ অঞ্চলত মোবাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:43 PM IST

নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : মণিপুৰৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে । তাৰ মাজতে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে । মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক হিংসাৰ দ্বাৰা প্ৰভাৱিত নোহোৱা জিলা সদৰত পৰীক্ষণৰ ভিত্তিত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে । মণিপুৰ চৰকাৰে ৰাজ্যখনত মোবাইল ইণ্টাৰনেট নিষেধাজ্ঞা ৮ নৱেম্বৰলৈ বৃদ্ধি কৰাৰ পাছতে এই নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ে ।

মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ গোলমেই গাইফুলশিলু কাবুইক লৈ গঠিত খণ্ড বিচাৰপীঠে জাৰি কৰা এক নিৰ্দেশত ৰাজ্যখনক হিংসাৰ দ্বাৰা প্ৰভাৱিত নোহোৱা অঞ্চলসমূহলৈ সেৱা সম্প্ৰসাৰিত কৰিবলৈ কোৱা হৈছে । আদালতে ৰাজ্যখনক মোবাইল ইণ্টাৰনেট ডাটা সেৱা স্থগিত বা নিয়ন্ত্ৰণৰ সন্দৰ্ভত জাৰী কৰা সকলো আদেশৰ প্ৰতিলিপি অফিচিয়েল ৱেবছাইটত আপলোড কৰিবলৈও নিৰ্দেশ দিয়ে ।

বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি ৯ নৱেম্বৰত অনুষ্ঠিত হ'ব । ছেপ্টেম্বৰ মাহত কিছুদিনৰ বাহিৰে যোৱা ৩ মে'ৰ পৰা মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পৰা মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ হৈ আছে ।

অসামাজিক উপাদান, প্ৰৰোচনামূলক ভাষণ আৰু ভিডিঅ' বাৰ্তা প্ৰচাৰৰ বাবে সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰিয়ে ইণ্টাৰনেট নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছিল । ইফালে উত্তৰ-পূবৰ ৰাজ্যখনত জাতিগত সংঘৰ্ষই ১০ খন জিলাক প্ৰভাৱিত কৰিছে । ব্ৰডবেণ্ড সেৱা জুলাইৰ মাজভাগৰ পৰা আংশিকভাৱে আৰম্ভ কৰা হৈছিল ।

উল্লেখ্য যে মণিপুৰত জাতিগত সংঘৰ্ষৰ ফলত এতিয়ালৈ প্ৰায় ১৮০ গৰাকী লোক নিহত হৈছে । হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই ।

লগতে পঢ়ক :Delhi Air pollution : দিল্লীত প্ৰদূষণৰ মাত্ৰা সামান্য হ্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.